হিন্দী ভাষা বিতৰ্ক

হিন্দী বিষয় যদি বিদ্যালয়ত বাধ্যতামূলক হয় তেন্তে অসমীয়া ভাষাৰ ওপৰত হ’ব ই আগ্ৰাসন আৰু অসমীয়া ভাষা ধংসৰ ষৰযন্ত্ৰ। সেয়েহে বহুতেই হিন্দী ভাষাৰ বিৰোধিতা কৰিছে। ইংৰাজী ভাষা আমাৰ নিজৰটো নহয়েই আমাৰ দেশৰো নহয়। ইংৰাজী ভাষা শিক্ষা বাধ্যতামূলকেই নহয় বহুতে পঢ়াৰ মাধ্যম হিচাপেও ইয়াক লয়। বৃটিছৰ পৰা দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ হৈ গ’ল কিন্তু ইংৰাজী ভাষা শিক্ষাক আমি পাশ্চ্যাত্যৰ আগ্ৰাসন বুলি মানি লব নোখোজো। কেৰিয়াৰৰ দিশৰ পৰা চাবলৈ গ’লে ভাষা শিক্ষাৰ আজিৰ তাৰিখত বহুত গুৰুত্ব ইংৰাজী, হিন্দীৰ উপৰিও জাৰ্মান, চীন, ৰাছিয়ান, ফৰাচী, স্পেনিছ আদি ভাষা বহু ল’ৰা-ছোৱালীয়ে শিকিব আৰম্ভ কৰিছে। অৱশ্যে আমাৰ অসমৰ ল’ৰা-ছোৱালী এই ক্ষেত্ৰত পিছপৰি আছে। বিশ্বৰ ৪.৯ শতাংশ মানুহে ইংৰাজী কয় আৰু ৪.৪ শতাংশ মানুহে হিন্দী ভাষা কয়। কোম্পেনী সমূহৰ বাবে আমাৰ দৰে জনস্ংখ্যাবহুল দেশসমূহ এখন বিশাল মাৰ্কেট আৰু বিশ্বৰ ডাঙৰ ডাঙৰ কোম্পেনীসমূহে ভাৰতৰ বিভিন্ন ৰাজ্যত নিজৰ উদ্যোগ আদি স্থাপন কৰিছে। সেইবোৰ কাৰণত ইংৰাজীৰ লগতে হিন্দীভাষাতো জনা জৰুৰী হৈ পৰিছে। হিন্দী ৰাষ্ট্ৰভাষা হয়নে নহয় সেয়া বিতৰ্কত মই সোমাব নোখোজো, কিন্তু ভাৰতৰ বিভিন্ন ৰাজ্যৰ বাহিৰেও, পাকিস্তান, বাংলাদেশ, নেপাল, ভুটান, মৰিচাছ, শ্ৰীলংকা আদি দেশত হিন্দী ভাষা কৈ চলিব পাৰি আৰু বিভিন্ন ভাৰতীয় কোম্পেনীয়ে তাত উদ্যোগ স্থাপন কৰিছে। মই মনে প্ৰাণে বিচাৰো অসমীয়া ভাষা জগত সভালৈ যাওক। আপুনি যদি হিন্দী ভাষা পঢ়ে আৰু শিকে অসমীয়া ভাষাৰ একো ক্ষতি নহয়, যিদৰে ইংৰাজী মাধ্যমত পঢ়িলে ক্ষতি হোৱা নাই। অৱশ্যে নিজৰ ভাষাক যদি আমি ভাল নাপাও ভগৱানেও বচাব নোৱাৰে আমাৰ ভাষাক।

Related Posts

ছহিদ গংগা কলিতা

আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁ‌ৱৰ স্বৰ্গীয় তাৰানাথ…

Be the Master of Technology, Not the Slave of it

“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…

সকলোতকৈ ডাঙৰ কোন!

মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…

বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ

এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…

Recruitment from Open Market

বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…

অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত

মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…