বিদুৰভাই বুলি চিনেমাখন মই চাই ভাল পাইছিলো, ঠিক তেনেদৰে পঞ্চায়ত বুলি ৱেব চিৰিজখন চাইয়ো বহুত ভাল লাগিছিল। সাধাৰণ সাধাৰণযেন লগা কাহিনী আৰু অভিনয় কৰি থকা যেন অনুভৱ নোহোৱা অভিনয়বোৰে দৰ্শকক একাত্ম কৰি তুলিছিল। এই দুখন দুটা উদাহৰণহে মাত্ৰ। চালে চাই থাকিব পৰা কাহিনী আৰু অভিনয়।
আপোনালোকে যদি অলপ লক্ষ্য কৰে তেতিয়া অনুভৱ কৰিব পাৰিব গতানুগতিক চিনেমাবোৰৰ দৰে ইয়াত হিৰো-হিৰোইনৰ ধাৰণা নাই। বহুত কিবা কাল্পনিক কাহিনীও নহয়, সাধাৰণ দৰ্শকে নিজকে বিচাৰি পাব পৰা চিনেমা বা ৱেব চিৰিজ।
ইণ্টাৰনেট, ইউটিউব, ফেচবুক আদিৰ সুবিধাৰ ফলত বহু প্ৰতিভাৱান ল’ৰা-ছোৱালীয়ে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সুবিধা লাভ কৰিছে। কোনো ডাঙৰ বাপেকৰ পুতেক বা জীয়েক নোহোৱাকৈ সহজে অভিনয় বা সংগীতৰ পৃথিৱীত নাম উজলাইছে। চিনেমাত যিদৰে হিৰো-হিৰোইনৰ ধাৰণা কমি আহিছে তেনেদৰে হিৰোজন দেখিবলৈ সুদৰ্শন চেহেৰাৰ হ’ব লাগিব বুলি ভৱা ধাৰণাটোও কমি আহিছে। এটা সময় আছিল কিছুমান নিৰ্দিষ্ট লোকৰ বাহিৰে সাধাৰণ মানুহে কানেক্সন ন’হলে গাবলৈ বা অভিনয় কৰিবলৈ সুবিধা নাপাইছিল, হিৰো-হিৰোইনটো দূৰৰ কথা। ঠিক তেনেদৰে ইউটিউবৰ যোগেদি কেবাগৰাকীও ভাল গায়ক বা সংগীত শিল্পী লাভ কৰিছো।
এনেকুৱা যদি কিবা এটা চিষ্টেম ওলালেহেতেন য’ত খেলুৱৈয়ে নিজৰ প্ৰতিভা প্ৰকাশৰ সুযোগ পালেহেতেন, ক’তো কানেক্সন নোহোৱাকৈ খেল প্ৰদৰ্শনৰ সুবিধা পালে হয়। মোৰ বিশ্বাস বহুত ভাল ভাল বিশ্বমানৰ খেলুৱৈ আমি পালোহেতেন।