ভাৰতবৰ্ষৰ প্ৰায় ১৫-২০% লোকে চাকৰি কৰে, ১০-১৫% লোকে ব্যৱসায়ী (businessman) বা উদ্যমী আৰু ৫০-৬০% লোকে স্বনিয়োজিত (self employeed)। ইণ্টাৰনেটৰ পৰা উপলব্ধ এই তথ্য সামান্য ইফাল সিফাল হ’ব পাৰে যদিও মোটামোটি এইখনেই ভাৰতীয় লোকৰ ছবি।
চাকৰি বুলি কওতে চৰকাৰী আৰু বেচৰকাৰী দুইটা খণ্ডকে সাঙুৰি লোৱা হৈছে। মাহৰ শেষত যিয়ে দৰমহা পায় তেওলোকে চাকৰিয়াল। বেছি দৰমহা পোৱা চাকৰি আকৌ ব্যক্তিগত খণ্ডতহে আছে।
ঠিক তেনেদৰে ব্যৱসায়ী বা উদ্যমী ক্ষেত্ৰখনত বৃহৎ উদ্যোগীৰ পৰা আৰম্ভ কৰি MSME উদ্যোগীসকলক সাঙুৰি লৈছে। উদ্যমিতাত স্বাধীনতা আছে আৰু নিজৰ লগতে আন দহজনক সংস্থাপন দিব পাৰি।
আনহাতে স্বনিয়োজনে খেতিয়কৰ পৰা আৰাম্ভ কৰি দোকানী, ইলেক্ট্ৰিছিয়ান আদিকে কৰি ফ্ৰীলন্সিং (freelauncher) কাম কৰি থকা সকলোকে সাঙুৰি লোৱা হৈছে।
ওপৰৰ তথ্যখিনি যুকিয়াই চালে অণুমান কৰিব পাৰিযে চাকৰিৰ সংখ্যা তুলনামূলকভাৱে কম আৰু যদি চৰকাৰী চাকৰিৰ কথা কও তেতিয়া ই প্ৰায় ৪-৫% মাত্ৰ।
ব্যৱসায়ী বা উদ্যমীৰ সংখ্যা বাঢ়িলে চাকৰিৰ সংখ্যাও বৃদ্ধি পাব পাৰে কিন্তু, চৰকাৰী খণ্ডত চাকৰিৰ সংখ্যা বহুত বৃদ্ধি কৰিব নোৱাৰি।
স্বনিয়োজনে আমাৰ দেশত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। কৌটিপতি কৃষকৰ উদাহৰণো আছে, ফ’টোগ্ৰাফী কৰি মাহত লাখ টকা উপাৰ্জন কৰা উদাহৰণো বহুত আছে।
এয়া তথ্যপ্ৰযুক্তিৰ যুগ। এটা সময়ত কম্পিউটাৰৰ ব্যৱহাৰ আছিল সময়ৰ দাবী, এতিয়া বিভিন্ন ক্ষেত্ৰত কৃত্তিম বুদ্ধিমত্তাৰ (artificial inteligence) প্ৰয়োগ সময়ৰ আহ্বান।
মাছ আৰু বান্দৰক গছবগোৱা প্ৰতিযোগিতাত নমাই দিলে মাছটোৱে সদায় হিনমান্যতাত ভুগিব কিন্তু, সাতুৰিব দিলে সি বিজয়ৰ নিচান উৰুৱাব। সকলোৱে নিজৰ প্ৰতিভা আৰু সামৰ্থ্য চিনি কেৰিয়াৰ আৰু জীৱনৰ পৰিকল্পনা কৰিব লাগে। পিছত নোপোৱাৰ দুখত কান্দি থাকি কপালক বা আনক দোষ দিয়াটো নিৰৰ্থক।