মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব পৰা হৈছে। মই আচৰিত হও যেতিয়া ঠুনুক ঠানাককৈ খোজ দিবলৈ আৰম্ভ কৰি স্কুলত গৈ সৰু ল’ৰাটোৱে অ, আ, ক, খ লিখিব পৰা হ’ল। মই তাক লিখিব শিকাবলৈ চেষ্টা কৰিছিলো কিন্তু, নাজানিলো দেখোন কেনেকৈ লিখিব আৰম্ভণি কৰাব লাগে, ধৈৰ্যও নাথাকে। মাকে বাৰু অলপ লাগি থাকে কিন্তু, প্ৰায়খিনি সি বিদ্যালয়তে শিকিলে।
আগতে এই কথাবোৰ বিশেষ অনুভৱ কৰা নাছিলো কিন্তু, এতিয়া নিজৰে ল’ৰাই যেতিয়া বিদ্যাৰাম্ভ কৰিছে তেতিয়া অনুভৱ কৰিছো সৰু ল’ৰা-ছোৱালীক পঢ়োৱাটো সহজ কথা নহয়। এতিয়া যি শিকিছে সিয়েই গোটেই জীৱনৰ আধাৰ, পিছত বহুত কিবাকিবি পঢ়িব পাৰে কিন্তু, আজি যি শিকিছে সেয়া কোনো শিক্ষাৰ লগত তুলনা নহয়।
যি ল’ৰা-ছোৱালীয়ে নিজকে ভালদৰে চম্ভালিব পৰা হোৱা নাই, মাক-বাপেকৰ কোলাত উঠিবলৈ এৰা নাই, খং কৰিলে কান্দি দিয়ে সিহতক হাতত ধৰি ধৰি আখৰ আৰু সংখ্যা লিখিবলৈ শিকোৱা শিক্ষাগুৰুসকল সচাকৈয়ে মহান। মোক যদি আজি নিউটনৰ সূত্ৰ অথবা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অথবা আন্তঃৰাষ্ট্ৰীয় কোনোবা নীতি বুজাব দিয়ে মই চাগে অলপ পঢ়ি লৈ বুজাব পাৰিম। কিন্তু অ, আ, ক, খ বা A, B, C, D লিখিব শিকাব দিয়ে মোৰ আত্মবিশ্বাস নাই।
মোৰ দৃষ্টিত অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত। অংগনবাডী বা প্ৰাক-প্ৰাথমিক আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষা ভাল হ’লেহে ল’ৰা বা ছোৱালীজনীৰ শিক্ষাৰ ভেটি মজবুত হ’ব। শিক্ষাৰ ভেটি মজবুত হ’লে বাকী কথাবোৰ সহজ হৈ পৰিব।
প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ শিক্ষাৰ ভেটি নিৰ্মাণত যি অৰিহণা তাক শ্ৰদ্ধাৰে শলাগ লৈছো।