যোৱা দুদিনমানৰ পৰা প্ৰচণ্ড ককালৰ বিষ, ভালদৰে ঠিয় হ’ব পৰা নাই । হালিব নোৱাৰো, না ভালদৰে বহিব পাৰিছো- না শুব পাৰিছো, বাগৰ সলাবলৈয়ো কষ্টকৰ । ককালখন যে ইমান শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংশ যোৱাকালিলৈ ভাৱিবই পৰা নাছিলো, ঈশ্বৰে দিয়া এই ককালখন যদি কোঙা হৈ পৰে জীৱনটোৱে কোঙা হৈ পৰিব । যেতিয়ালৈকে ভালে আছিল তাৰ আমি যত্ন নললো, কেতিয়াবা হয়তো অত্যাচাৰ কৰিলো আৰু এতিয়া কান্দি থাকিলে জানো মোৰ ককাল খন ঠিক হ’ব । মোৰ ককালৰ বিষটো এটা উদাহৰণহে মাত্ৰ । আমাৰ যে শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগবোৰ চলি আছে- আপোনাক একো অসুবিধা নিদিয়াকৈ আপোনাৰ নিত্য প্ৰয়োজনীয় কামবোৰ কৰি গৈছে আপুনি কেতিয়াবা ইয়াক অনুভৱ কৰিব চেষ্টা কৰিছেনে । চকু দুটা মুদি অলপ সময়ৰ বাবে অনুভৱ কৰিবলৈ চেষ্টা কৰকছোন । দিব্যাংগজনলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনাই কৈছো- যিসকলৰ হাত-ভৰি, চকু-কাণ, ককাল-পিঠি ইত্যাদি সুষ্ঠ তেওলোকে বিশ্বাস কৰক- আপোনালোকৰ হাতত হয়তো সুখৰ চাবিকাঠি পাত লগতে আছে । সিদিনা ডাক্টৰক দেখুৱাব যাওতে মোক কৈছে- যদি লাইফ- ষ্টাইল সলনি নকৰে এই ককালৰ বিষ আৰু চিৰজীৱন থাকি যাব । অলপ ব্যায়াম কৰক, বহু সময় কম্পিউটাৰ লৈ বহি থাকিবলগীয়া হলে কমেও প্ৰতি এক ঘণ্টাৰ মূৰে মূৰে থিয় হৈ অলপ শৰীৰটো চলাচল কৰক বা খোজ কাঢ়ক । আজি অধিক কাম কৰিবলৈ বা অধিক উপাৰ্জন কৰিবলৈ যদি নিজৰ বাবে সময় নুলিয়াই পিছত অনুতাপ কৰি লাভ নাই । এদিন আপোনাৰ শৰীৰৰ অংগ প্ৰত্যংগবোৰে আপোনাৰ নিজৰ ভুলৰ বাবেই আপোনাক সহায় কৰিব নোৱাৰা হ’ব । কাম থাকিবই- কামৰ শেষ নাই, আপুনি বেমাৰত পৰিলে বা আপুনি ঘূনীয়া হলে আপোনাৰ বছে আপোনাক বচাব নোৱাৰে- নিজেই নিজক সুষ্ঠ কৰি ৰাখিব লাগিব । সন্তুলিত খাদ্য, টোপনি, শৰীৰ চৰ্চা আৰু অলপ মুকলি বায়ু জীৱনৰ বাবে বহু প্ৰয়োজন । আহহ ……. বিষটো মোৰ বেছি হৈ আহিছে- আৰু লিখাৰ ধৈৰ্য্য নাই । নিজৰ বাবে, নিজৰ শৰীৰৰ বাবে আৰু নিজৰ ভৱিষ্যতৰ বাবে নিজৰ কথা অলপ ভাৱক ।
Related Posts
ছহিদ গংগা কলিতা
আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁৱৰ স্বৰ্গীয় তাৰানাথ…
Be the Master of Technology, Not the Slave of it
“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…
সকলোতকৈ ডাঙৰ কোন!
মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…
বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ
এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…
Recruitment from Open Market
বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…
অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত
মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…