বহুদিনৰ পিছত সিদিনা তাইক লগ পালোঁ।
তাই সুধিলে – আজিকালি তুমি লিখা মেলা কৰানে নাই।
মই কলোঁ- আজিকালি চিঠি লিখো মই বেছিকৈ।
তাই সুধিলে- নীলা খামৰ চিঠি নিশ্চয়। তুমিতো ইমান ধুনীয়াকৈ লিখিছিলা কবিতা কবিতা লগা সেই প্ৰেমৰ চিঠি।
মই কলোঁ – নহয়, অ’ফিছিয়েল চিঠি, ৰিপোৰ্ট বিচাৰি।
—দুইজন নীৰৱে ৰ’ল।
আজিকালি বহুতেই কামৰ ভিৰত নিজৰ বাবে সময় উলিয়াব নোৱাৰি নিজৰ সৃষ্টিশীল কৰ্মবোৰ ধোৱাচাঙত তুলি থৈছে। অলপ চেষ্টা কৰি চাওকছোন কিজানি নিজৰ বাবে, নিজৰ ভাল লগা কামৰ বাবে অলপ সময় উলিয়াবৰ বাবে। সুখ পাব।