আজি কোনো আন্ত:ৰাষ্ট্ৰীয় মাতৃদিৱস বা পিতৃ দিৱস নহয় আজি বছৰৰ যিকোনো এটা দিন । মানুহৰ জীৱনত মাক বা দেউতাকৰ অৱদান বা প্ৰভাৱক লৈ হয়তো আমি বহু কিতাপ পঢ়িছো, বহু তথ্যচিত্ৰ বা চিনেমা দেখিছো অথবা বিভিন্নজনৰ পৰা শুনি আহিছো । দেউতাকৰ পকেটত পইচা থাকক বা নাথাকক কিন্তু পুতেক-জীয়েকক ভোকত ৰাখিব পাৰে জানো ! কিবা নহয় কিবা প্ৰকাৰে খোৱা খাদ্যখিনি যোগাৰ কৰি আনে । বিহু-পূজাত চেষ্টা কৰে এযোৰ নতুন কাপোৰ দিবলৈ – সেয়াই দেউতাক । দিনৰ দিনটো কামৰ ব্যস্ততা সামৰি মাকে যেতিয়া পুতেক-জীয়েকৰ অসুখত উজাগৰে নিশা পাৰ কৰে আৰু নিজৰ শৰীৰৰ কথা নাভাৱি নিজৰ পুত্ৰ-কন্যাৰ বাবে সৰ্বোচ্ছ উজাৰি দিয়ে, তাতকৈনো জীৱনত আৰু কি লাগে । পুত্ৰ-কন্যাৰ সুখকে নিজৰ সুখ বুলি বিবেচনা কৰে এওলোকে । ব্যতিক্ৰম হয়তো সকলোতে থাকে কিন্তু মোৰ বিশ্বাস এইক্ষেত্ৰত কোনো মাক-বাপেকেই ব্যতিক্ৰম নহয় । পুত্ৰ-কন্যাই জানো অস্বীকাৰ কৰিব পাৰে পিতৃ-মাতৃৰ মমতাক আৰু নিস্বাৰ্থপৰ ভালপোৱাক । এজন ল’ৰা বা ছোৱালীক ডাঙৰ কৰাটো কিমান কষ্টসাধ্য মইয়ো হয়তো সৌ সিদিনালৈ বুজি পোৱা নাছিলো, দুবছৰমান আগতে যেতিয়া নিজে ল’ৰাৰ বাপেক হ’লো আৰু মাককো দেখিলো ল’ৰাৰ বাবে নিজৰ খোৱা-লোৱা-টোপনি সকলোবোৰ কম্প্ৰমাইজ কৰিছে তেতিয়া আগতে মাক-দেউতাকৰ বিষয়ে শুনা কথাবোৰ পতিয়ন যাবলৈ বেছি সময় নালাগিল । আমাক যেতিয়া কিবা এটা বস্তু লাগিছিলে- আমিটো দেউতাক আনি দিব লাগিব বুলি জেদ ধৰিছিলো, কেতিয়াবা দোকানৰ দামী বস্তুবোৰ দেখি কিনি দিব লাগে বুলি ঠেহ পাতিছিলো, আনকি কেতিয়াবা আনক দেখি দামী প্ৰাইভেট কলেজত নাম লগাই দিবলৈয়ো আৱদাৰ কৰিছিলো- আমি নাজানিছিলো দেউতাৰ সামৰ্থ্য কিমান, নিজৰ সামৰ্থ্যৰে দেউতাই কেতিয়াও না- কৰা নাছিল ; এয়া মই অধিকাংশ দেউতাকৰ কথা কৈছো । মাক এজনী ৰাতিপুৱা কেইটাত উঠে বুলি শুধিলে- হয়তো বহুতেই ক’ব ল’ৰা-ছোৱালী যেতিয়াই পুৱা সাৰ পাই তেতিয়াই উঠিব লাগে । সেয়া পুৱা চাৰিটা বজাই হওক বা পাচটা বজাই হওক অথবা পুৱতি নিশা চাৰে তিনিটা বজাই হওক । ল’ৰা-ছোৱালী যেতিয়া অলপ ডাঙৰ হ’ব- তেতিয়া সেই সময়টো অৱশ্যে অলপ নিয়মীয়া হ’ব কিন্তু পুত্ৰ-কন্যাৰ স্কুল,টিউশ্যন, টিফিন, অধ্যয়নৰ বাবে নিজৰ পুৱাৰ চিকুন টোপনি ভাঙি সেইমতে চলিব লাগিব । যেতিয়া ল’ৰা-ছোৱালী অধ্যয়ন বা কৰ্মসূত্ৰে ঘৰৰ পৰা আতৰত থাকে আৰু কিবা অসুখ আদিৰ খবৰ পাই তেতিয়া মাতৃৰ পেটত খুদকণো নাযায় ।
মাক-বাপেকে কেতিয়াও নিজৰ পুত্ৰ-কন্যাৰ দুখ হয়তো সহ্য কৰিব নোৱাৰে, সেয়েহে কোনোবা পুত্ৰ-কন্যাই যদিও পিছত প্ৰতিস্থিত হৈ মাক-বাপেকক নাচাই বা বৃদ্ধাৱস্থাত সংগ দিব নোৱাৰে তথাপিওঁ মাক-বাপেকে কেতিয়াও পুত্ৰ-কন্যাৰ অহিত চিন্তা নকৰে । মনত অলপ অভিমান আৰু দুখ থাকে যদিওঁ সেয়া নীৰৱে হজম কৰি থয় । মাক-বাপেকক বৃদ্ধাৱস্থাত এৰিব পাৰে জানো সেয়া যিমানেই কৰ্মব্যস্ততা নহওক কিয় ! যদি নিজৰ মাক-দেউতাকৰে যত্ন লব নোৱাৰে সেই মানুহজনে হয়তো একোৰেই দায়িত্ব ল’ব নোৱাৰে । টিভি-বাতৰি কাকতত দেখা কিছুমান খবৰে কেতিয়াবা দুখ দিয়ে কিন্তু সেই মানুহৰ সংখ্যা চাগে আঙুলিৰ মূৰত গণিব পৰা । মা-দেউতা হ’তক আমি কেতিয়াবা পূৰণিকলীয়া বুলি হয়তো সমালোচনা কৰো কিন্তু নতুন সময়ৰ লগত খোজ মিলাই আগবঢ়াই নিয়াৰ দায়িত্ব আমাৰ দৰে ল’ৰা-ছোৱালীবোৰৰ নহয় জানো । আজি যদি আপুনি মা-দেউতাৰ খবৰ নাৰাখে বা যত্ন নলয়, অহাকালি আপোনাৰ ল’ৰা-ছোৱালীয়েও আপোনাৰ খবৰ নাৰাখিব আৰু যত্ন নল’ব ।