আমি কেতিয়াবা আমাৰ পূৰণি ফটো বোৰ চাই কও – ‘কি যে ভাল লগা দিন আছিল সেইবোৰ’ বা ‘পূৰণি দিনবোৰেই ভাল আছিল’ । ‘old is gold’ বুলি আমি পূৰণি দিনবোৰক ৰোমন্থন কৰো । কেতিয়াবা লিখো- উভতাই পোৱা হ’লে সেই দিনবোৰ, ঘূৰি যাব পৰা হ’লে সেই দিনবোৰলৈ, কিন্তু ই জানো সম্ভৱ ! সেই পূৰণি সময়বোৰো এদিন বৰ্তমান আছিল । সিদিনাৰ সময়খিনি যিয়ে উদযাপন কৰিছিল তেও সিদিনাও সুখী আছিল আৰু যিয়ে সিদিনাখন বিভিন্ন কাৰণত উদযাপন কৰিব পৰা নাছিল তেওঁ আছিল অসুখী । যেতিয়া স্কুলত বা কলেজত পঢ়ি আছিল- আপুনি সুখত আছিল নে, যদি পাহৰিছে আজি কোনোবা স্কুল কলেজত পঢ়ি থকা ল’ৰা-ছোৱালীক সুধিব । পঢ়া-শুনা-ক্লাছ- পৰীক্ষা আৰু প্ৰেমৰ বিফল কাহিনীবোৰটো আছেই । তেতিয়া ভাৱিছিলো- কেতিয়াযে এই দিনবোৰ শেষ হ’ব । হোষ্টেলত থাকোতে- যেতিয়া খেলিব যোৱাটো বাধ্যাতামূলক আছিল, হোষ্টেলৰ পনীয়া ডালি-চব্জি, এচাইনমেণ্টৰ ভিৰ ইত্যাদি ইত্যাদি কেতিয়াবা আমনি লাগিছিলে- ছিনিয়’ৰে আমাক প্ৰায়ে কৈছিল- এয়াই সোণালী দিন- পিছৰ জীৱনত এই একেলগে থকা, আদ্দা মাৰা, পিকনিক যোৱা সময়বোৰ ঘূৰাই নোপোৱা । আজি এই বৰ্তমানটো অলপ পিছত কালি বা অতীত হৈ যাব, পৰহিদিনাখন হয়তো আমি আজিৰ দিনটোক সুৱৰি ক’ম- কি ভাল দিন আছিল সেই সিদিনা । সময় গতিশীল আৰু আমাৰ বয়সবোৰ এটা সংখ্যাত বাহিৰে আন একো নহয় । সচাকে কৈছো- আমি যেতিয়া ১৮-২০ বছৰ বয়সৰ আছিলো তেতিয়া নিজকে বেছি যুৱক যুৱক অনুভৱ হৈছিল আৰু ৩০-৩৫ বছৰ বয়সৰ মানুহ বোৰক বুঢ়া বয়সৰ মানুহ বুলিয়ে ভাৱিছিলো । এতিয়া ৩৫ বছৰ বয়সৰ দেওনা পাৰ হৈ অনুভৱ কৰিব পাৰিছো- আমি বুঢ়া হোৱা নাই- মনবোৰ দেখোন একেই আছে । অলপ হয়তো অভিজ্ঞতাৰ জোখাৰে দৃষ্টিভংগী সলনি হৈছে কিন্তু তাৰ বাহিৰে সকলো একেই আছে । আজিও যদি জীৱনটো আপুনি উদযাপন নকৰে – অহাকালি কেনেকৈ কব – ‘ভাল দিন আছিল এৰি অহা দিনবোৰ’ । জীৱন উদযাপন কৰিবলৈ অ’ফিছ বা কৰ্মস্থল এৰি পিকনিকত যাব নালাগে, পদপথৰ চাহ কাপ এৰি ৰেষ্টুৰেণ্টত খাব যাব নালাগে, কেৱল মনৰ জোখাৰে ফূৰ্তিত থাকিব পাৰিলেই হ’ল । If Old is Gold then New is Diamond.
Related Posts
ছহিদ গংগা কলিতা
আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁৱৰ স্বৰ্গীয় তাৰানাথ…
Be the Master of Technology, Not the Slave of it
“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…
সকলোতকৈ ডাঙৰ কোন!
মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…
বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ
এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…
Recruitment from Open Market
বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…
অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত
মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…