কিযে অভং আছিলো আমি

আপোনালোকৰ কেতিয়াবা এনেকুৱা অভিজ্ঞতা হৈছেনে নাই নাজানো , ভাৱিলে হাঁহিওঁ উঠে, লাজো লাগে তথাপিওঁ লিখিছো- কবলৈ আখেজা আখেজা লগা নিজৰ কিছু অভিজ্ঞতা ।

প্ৰথম চাকৰিত জইন কৰি এবাৰ আমি চাৰিজন মান বন্ধু পুনেৰ ৰেষ্টুৰেণ্ট এখন্তত খাব সোমালো । অলপ দামী আৰু অভিজাত ৰেষ্টুৰেণ্ট বুলি নাম আছে সেইখন ৰেষ্টুৰেণ্টৰ । সোমাই দেখিলো মানুহবোৰ অলপ ফিট-ফাট হৈ আহিছে, আমিওঁ ভাল কাপোৰে পিন্ধিছো যদিওঁ কিবাযেন মিলা নাই । যিনহওঁক আমি চাৰিজনে এখন টেবুলত একেলগে বহিলো । বন্ধু চাৰিজন আমি ঝাৰখণ্ডৰ, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু মই অসমৰ । গাওঁৰ নিম্ন মধ্যবিত্ত পৰিয়ালৰ লৰা  আমি আটাইকেইজন । মেনু আহিল- ভৱাতকৈ বহুত বেছি দাম, অলপ কম দাম চাই দুবিধ মান আইটেম অৰ্ডাৰ কৰিলো । খোৱাৰ শেষত একোটা বাতিত গৰম পানী আৰু গোলকৈ কটা নেমুটেঙাৰ এটা টুকুৰা আহিল ।  চাৰিওঁপিনে চালো- বাকী মানুহবোৰ ব্যস্ত । আমাৰ মাজৰ এজনে কলে- মাংস খোৱাৰ পিছত নেমু খাব লাগে, সেয়ে চাগে চিকেন আইটেম খোৱাৰ পিছত লগত নেমু ফ্ৰী দিছে । আমিওঁ তাৰ যুক্তিত পতিয়ন গলো, চাৰিওঁজনে গৰমপানীত নেমুটেঙা চেপি বাতিৰে পি খালো । বিল দি গুচি আহিলো, বহুদিন পিছতহে আমি গ’ম পালো নেমুৰে সৈতে গৰম পানীৰ বাতি হাত ধুবৰ বাবে দিছিলে ।

জনা হোৱাৰে পৰা জন্মদিন পালন কৰি অহা হৈছে ঘৰত, জন্মদিনৰ দিনা সাধাৰণতে আমাৰ ঘৰত বুট-মগুৰ শৰাই আগবঢ়োৱা হয়, কেক কটা হোৱা নাই । অইনৰ কেক কটা জন্মদিনত কেবাবাৰো উপস্থিত আছো যদিওঁ নিয়ম-কানুন বা আদব-কায়দা বোৰ ভালদৰে নাজানো । এবাৰ মোৰ জন্মদিনতো সতীৰ্থ সকলে কেকৰ ব্যৱস্থা কৰিলে । মোৰ অলপ অসহজ লাগিল, তথাপিওঁ জ্বলি থকা কেণ্ডেল ডাল নুমুৱাই কেকটো কাটিলো । কেকৰ প্ৰথম টুকুৰাটো কাটি মই নিজে মুখত ভৰালো, বাকীবোৰেওঁ একো নকলে  । পিছতহে মই মন কৰিলো- কেক কটাজনে প্ৰথম কেক টুকুৰা কাটি অন্য কাৰোবাক খুৱাই দিয়ে, তাৰ পিছতহে তেওঁক কোনোবাই খুৱাই দিয়ে । ভাৱিলে কথাবোৰ এতিয়াওঁ নিজৰে লাজ লাগে ।

হিন্দী-ইংৰাজী ভাষাত কথা পাতিবলৈ দিলে আমাৰ টেনশ্যন হৈ যায় । এবাৰ কলেজৰ প্ৰগ্ৰেম এটাত বাৰানসী হিন্দু বিশ্ববিদ্যালয়ত গৈছিলো । এজন উত্তৰ ভাৰতীয় ছাত্ৰই সুধিলে- ‘আপলোগোকা আছাম মে বহুত বাঢ় হ্যোটা হেই ন্যা’, মই উত্তৰ দি গ’লো- ‘হা গুৱাহাটী মে বহুত বাৰ হেই, য়ে য়ুথ কে লিয়ে প্ৰবলেম হেইন, ব্লা ব্লা ব্লা’ । সি বিশেষ একো ধৰিব নোৱাৰিলে, একেলগে যোৱা গুৱাহাটীৰ বন্ধু এজনে কলে- ‘বাঢ়’ মানে বানপানী, মদ খোৱা বাৰ নহয় । ইংৰাজীতটো এনেকুৱা বিভ্ৰান্তিৰ কথা কলে শেষে নহ’ব । এবাৰ বৃটিছ ক্লায়েণ্ট এজনৰ লগত কাম কৰি থাকোতে ভুল হ’ল, ক্লায়েণ্টজনৰ খং উঠিছে, মই কব লাগিছিলে ‘আই এপোলোজাইছ’ ( I apologize বা মই ভুলৰ বাবে ক্ষমা বিচাৰিছো ) মই কলো ‘ আই এপ্ৰিছিয়েট’ ( I appreciate বা মই প্ৰশংসা কৰিছো ) । ক্লায়েণ্ট জন খঙত টিঙিৰি টুলা হ’ল, মোৰ প্ৰজেক্ট মেনেজাৰ দৌৰি আহিল, মোৰ চাকৰি কোনোৰকম বাচিল ।

প্ৰথম যেতিয়া ৱেষ্টাৰ্ণ টইলেত শৌচ কৰিব লগীয়া হ’ল, ভিতৰত সোমাই কি কৰো কি নকৰো অৱস্থা হ’ল । দুবাৰ মান ভাৱিলো- থিয় হৈ শৌচ কৰিব লাগে চাগে, কিন্তু শৌচ কৰাৰ সুখকণ নাপালো । পিছত দুইভৰি উঠাই পিছফালে থকা পানীৰ টেংকিটোত হাতেৰে ধৰি বহিব ধৰিলো । তেতিয়াৰ দিনত গুগল বা ইউটিউব ইমান সহজতে পোৱা নাছিলো, নহলে চাগে ইমান দুৰ্দশা নহ’লহেতেন ।

Related Posts

ছহিদ গংগা কলিতা

আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁ‌ৱৰ স্বৰ্গীয় তাৰানাথ…

Be the Master of Technology, Not the Slave of it

“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…

সকলোতকৈ ডাঙৰ কোন!

মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…

বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ

এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…

Recruitment from Open Market

বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…

অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত

মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…