এবাৰ আমি এটা খেল খেলিছিলো প্ৰায় ১০ জন মান বন্ধু-বান্ধৱী একেলগে বহি । খেলটো এনেকুৱা, প্ৰত্যেকেই প্ৰত্যেকৰ এটা বেয়া গুণ বা দোষ কব লাগিব, কোনোবাই যদি তাত অংশগ্ৰহণ কৰিব নিবিচাৰে তেন্তে প্ৰত্যক্ষ কৰিব পাৰে- কিন্তু অংশগ্ৰহন কৰিলে নিজৰ দোষ শুনিবও লাগিব আৰু আনজনৰ দোষ বা ভুল বুলি ভৱা চৰিত্ৰতো ক’ব লাগিব । এয়া বিশ্বাসৰ খেল-কোনেও কাকো বেয়া পাব নোৱাৰিব । তেতিয়া ৰাতি প্ৰায় ১১ মান বাজিছে, খেল আৰম্ভ হ’ল । দুজনমানে অংশগ্ৰহন নকৰিলে । সকলোৱে কৈ গ’ল- লাহে লাহে ভুলবোৰৰ গাঢ়তা বাঢ়ি গৈ থাকিল । অলপ আখেজা লাগিল যদিও- আন্তৰিকতাৰে অংশগ্ৰহন কৰি নিজৰ ভুল/দোষ বোৰ শুনি গলো । নিয়মাৱলীত আৰু এটা নিয়ম আছিল- কাৰোবাৰ দোষ বা ভুল আঙুলিয়াই দিলে প্ৰত্যুত্তৰ বা Justfication দিব নোৱাৰিব আৰু আধাতে ওলাই আহিব নোৱাৰিব । ৰাতি যিমানে গভীৰ হৈছে সিমানে যেন ভুল/ দোষ বোৰ চিৰিয়াছ (Serious) ধৰ্মী হৈ গৈছে । এটা সময়ত খেল শেষ হ’ল- মানুহবোৰ নীৰৱে ৰ’ল । বিচনাত পৰি কথাবোৰ যুকিয়াই চালো- কথাবোৰৰ প্ৰতিবাদ কৰাৰ সলনি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিলো । সেয়া এক নতুন জীৱনৰ আৰম্ভণি । আমি নজনাকৈয়ে বহুত ভুল কৰো বা মোৰ দৃষ্টিত যিটো শুদ্ধ আনৰ দৃষ্টিত সেইটো শুদ্ধ নহবও পাৰে । কিন্তু ভুলৰ পৰা আমি বহু কথাই শিকো ।
কেতিয়াবা আমি সকলোৱে আমাক ভাল-ভাল কৈ থকাটো বিচাৰো, ভুল ধৰা মানুহক আমি যেন এৰি চলো (Ignore) । এটা Comfort Zone ত থাকি ভাল পোৱা আমিবোৰে বাস্তৱৰ পৰা কেতিয়াবা বহু আতৰলৈ গুচি যাও, কেৱল মাত্ৰ গুন-গান গোৱা কিছু মানুহৰ লগতে থাকি আমি সুখানুভূতি লাভ কৰো । আত্মবিশ্লেষণ জীৱনৰ বাবে বহুত প্ৰয়োজন, যদি নিজক কেতিয়াও আমি প্ৰশ্ন নকৰো, নিজে যদি সদায় আমি শুদ্ধ বুলি ভাৱো, সেয়া এদিন নিজৰ বাবেই ক্ষতিকাৰক হ’ব । সিদিনা ৰাতি খেলা সেই খেলটোৱে আমাক জীৱন সম্পৰ্কে বহু উপলব্ধি কৰাই দিলে । ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিছো, কেতিয়াবা পাৰিছো আৰু কেতিয়াবা হাৰিছো, কিন্তু এইটো উপলব্ধি কৰিব পাৰিছো- ‘মই সদায় শুদ্ধ নহবও পাৰো’ । সৰুতে এটা কবিতা পঢ়িছিলো, ভাল লাগিছিল বাবে শেষত লিখি দিলো -“মানুহ মই- নহয় দেৱতা, দোষ-গুণ আছে দুয়োটা, মোৰ দোষ-মইতো নেদেখো, দেখিলেও কৰো আওকাণ নিজৰ গুণ নিজেই পাগুলি নিজকে দিও শীৰ্ষস্থান ।“