২০০৭ চনত যেতিয়া ইনফ’চিচ কোম্পেনীত জইন কৰিছিলো আমাক ট্ৰেইনিঙত ‘ফীছ ফিলোছ’ফী (Fish Philosophy)’ বা মৎস দৰ্শন শিকাইছিল । কৰ্মক্ষেত্ৰত সতেজ আৰু সক্ৰিয় হৈ ফূৰ্তিৰ মাজেৰে কেনেকৈ আমনি নলগাকৈ কাম কৰিব পাৰি সেয়া এই দৰ্শনটোৰ পৰা শিকিব পাৰিছিলো । আমেৰিকাৰ ৱাশ্বিংটনৰ পাইক মাছৰ বজাৰৰ পৰা অনুপ্ৰাণিত হৈ জ’ন ক্ৰেষ্টনেছেনে ১৯৯৮ চনত এই তত্ব বা দৰ্শনৰ আৱিস্কাৰ কৰিছিল । এই দৰ্শনৰ উদ্দেশ্য হৈছে কৰ্মক্ষেত্ৰত বিষয়া-কৰ্মচাৰী বা কৰ্মীসকলক সুখী কৰি ৰখা । ঠাণ্ডা দিনবোৰত যেতিয়া মাছ বেপাৰীবোৰে দিনটো একেটা কামে কৰি থাকিব লাগে তেতিয়াও তেওঁলোকে ভাগৰ নলগাকৈ আৰু আমনি নলগাকৈ গ্ৰাহকৰ লগত সপ্ৰতিভ ভাৱে কামবোৰ কৰি গৈছিল । তেওঁলোকৰ কাম দেখি বাটৰ বাটৰুৱাই ৰৈ গৈছিল, যেন বাটৰুৱা বোৰে সেই মুকলি মাছ বজাৰ বোৰ দেখি নিজেই এক কৰ্মদ্যোম পাইছিল । মাছবোৰ তেওঁলোকে গতানুগতিক ভাৱে দিয়াতকৈ এজনে আনজনক দলিয়াই দিয়ে, আনজনে সেইটো ধৰে, মাজে মাজে অলপ চিঞৰি দিয়ে, গ্ৰাহক আহিলে সকলোৱে ফূৰ্তি কৰে, যেন তেওঁলোকে কাম কৰা নাই-কিবা খেলহে খেলি আছে । এক ক্ৰীড়াসুলভ মনোভাৱেৰে তেওঁলোকে গোটেই দিনটোৰ কামবোৰ নিয়াৰিকৈ কৰি লৈ যায় । নিজৰ ভাগৰ কামবোৰ নিজে নিজে কৰি আছে, অসুবিধা পালে সকলোৱে টীম হিচাপে কৰি সমাধান উলিয়াইছে । তেওঁলোকৰ মন্দা বজাৰে এদিন এনেকৈ লাভজনক হৈ পৰিল । গোটেই দিনতো কাম কৰিও ভাগৰি নপৰা এই মাছ বেপাৰীবোৰক দেখি চৰকাৰী অ’ফিছ বা কোম্পেনীবোৰেও এই ব্যৱস্থাপনাৰ বা দৰ্শনৰ মোল বুজি উঠিলে । কৰ্মক্ষেত্ৰত যদি ফূৰ্তি নাথাকে বা বিষয়া-কৰ্মচাৰী সকল সুখী নহয় তেন্তে ই নিয়োগকৰ্তা বা কোম্পেনী অথবা চৰকাৰৰ বাবেও ই ক্ষতিকাৰক আৰু উৎপাদনশীলতা ( Productivity) কমি যায় । উৎপাদনশীলতা ( Productivity) বৃদ্ধি কৰিবলৈ কামৰ মাজে মাজে ধেমালি, বা হাঁহি-ফূৰ্তি আৰু টীম হিচাপে কাম কৰাটো বহুত প্ৰয়োজনীয় । গালি পাৰি এদিন কাম উলিয়াব পাৰিব কিন্তু সদায় নহয় ।
ফীছ-ফিলোচ’ফীৰ মূল চাৰিটা বৈশিষ্ট হ’ল – নিজৰ দৃষ্টিভংগী নিজেই বাছনি কৰক (Choose your Attitude), আনজনক এটা ভাল দিন উপহাৰ দিয়ক (Make their Day), অলপ সময়ৰ বাবে হলেও হাহিবলৈ বা খেলিবলৈ সুবিধা উলিয়াই লওক (Find short opportunities) আৰু যিকোনো সম্ভাৱনীয়তাৰ বাবে নিজকে প্ৰস্তুত কৰক (Be open to possibilities) ।
ইতিমধ্যে বিভিন্ন দেশত বিভিন্ন চৰকাৰী অনুষ্ঠান বা কোম্পেনীয়ে নিজৰ বিষয়া-কৰ্মচাৰী সকলক এই দৰ্শনৰ বিষয়ে ট্ৰেইনিঙ সমূহত প্ৰশিক্ষণ দি আহিছে আৰু এটা ইতিবাচক ফল লাভ কৰিবলৈ সক্ষম হৈছে । মাছৰ বজাৰৰ পৰা সৃষ্টি হোৱা এই দৰ্শনে মানৱ সম্পদ ব্যৱস্থাপনাত এক উল্লেখযোগ্য ভূমিকা গ্ৰহন কৰিছে । আপুনিও যদি কৰ্মক্ষেত্ৰত সুখী হ’ব বিচাৰে বা নিজৰ কোম্পেনীৰ অধিক উৎপাদনশীলতা বিচাৰে তেন্তে ফীছ-ফিলোচ’ফী প্ৰয়োগ কৰি চাব পাৰে । মইও চেষ্টা কৰিছো- লাভ হোৱা যেন লাগিছে ।