জাগৃতি যাত্ৰা- ১৫ দিনীয়া এক ৰেল যাত্ৰা আত্মনিৰ্ভৰ হ’বৰ বাবে

জাগৃতি যাত্ৰা এক ১৫ দিনীয়া ৰেল যাত্ৰা, যাৰ টেগলাইন ‘Building India Through Enterprise’ বা উদ্যমিতাৰ জৰিয়তে ভাৰত নিৰ্মান। মুম্বাইৰ পৰা আৰম্ভ হৈ মুম্বাইতে শেষ হোৱা এই যাত্ৰাই দেশৰ লগতে বিশ্বৰ আন প্ৰান্তৰ ৪৫০ গৰাকী যুৱক-যুৱতী অংশগ্ৰহনকাৰীক দেশৰ পশ্চিম প্ৰান্তৰ পৰা দক্ষিন ভাৰত হৈ, পূৱ আৰু উত্তৰ প্ৰান্ত চুই যায়। যি যাত্ৰাই সলনি কৰি দিলে মোৰ মানসিক দৃষ্টিভংগী, যি যাত্ৰাই মোক পৰিছয় কৰাই দিলে এখন নতুন পৃথিৱীৰ। এই ১৫ দিনীয়া ৰেল যাত্ৰাত দেশৰ বিভিন্ন প্ৰান্তৰ কেবাগৰাকীও সফল উদ্যমীৰ লগত মত বিনিময় কৰাৰ লগতে তেওলোকৰ সফলতাৰ নিদৰ্শন সমূহৰ চাক্ষুষ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছিলো। প্ৰত্যাহ্বানৰ শেষত কেনেকৈ সফলতা আহে সেয়া শিকিব পাৰিছিলো। দিনৰ ভাগত বিভিন্ন জনৰ লগত মত বিনিময় কৰি সন্ধিয়া যেতিয়া ৰেল চলিব আৰম্ভ কৰে তেতিয়া ৰেলৰ ভিতৰতে সজোৱা কনফাৰেন্স হ’লত তাৰ ওপৰত আলোচনা হয় আৰু তৰ্ক-বিতৰ্ক হয়। দেশ-বিদেশৰ উৎসাহী যুৱক-যুৱতী আৰু বিভিন্ন সমল ব্যক্তিৰ উপস্থিতিয়ে এই ৰেলযাত্ৰাক কৰি তোলে অনন্য।

            মুম্বাইত আমি প্ৰথম দিনাখন লগ পোৱাৰ সৌভাগ্য হৈছিল পোপট ৰাও পাৱাৰক। মহাৰাষ্ট্ৰৰ ‘হিৱৰে বাজাৰ’ গাঁও পঞ্চায়তৰ কৃষক আৰু সভাপতি পোপট ৰাও পাৱাৰ এটা চিনাকী নাম যিয়ে নিজৰ গাঁওখনক উন্নয়নৰ এক নতুন ধাৰালৈ লৈ আনি প্ৰগতিৰ বাট ৰাচিছিল যিখন গাঁও হৈ পৰিছিল গৱেষণাৰ বিষয়। গাঁও খনৰ একমাত্ৰ স্নাতোকত্তৰ ডিগ্ৰীধাৰী পোপট ৰাও পাৱাৰে নিজৰ ইচ্ছা আৰু একাগ্ৰতাৰ বলত এখন অতি পিছ পৰা গাঁৱক, য’ত খোৱাপানীৰ পৰা আৰম্ভ কৰি শিক্ষা-স্বাস্থ্য বহু সমস্যা আছিল তাত তেওৰ নেতৃত্বত এক বিশাল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিলে। ইণ্টাৰনেটত বিচাৰিলে ইয়াৰ বিশদ কাহিনী পোৱা যাব। তেওঁৰ ভাষণবোৰ বৰ ৰসাল আছিল, কেনেকৈ প্ৰত্যাহ্বান নেওচি এজন সাধাৰণ কৃষকে আৰু পঞ্চায়তৰ সভাপতি গৈ প্ৰধানমন্ত্ৰীৰ গ্ৰামোন্নয়ন বিষয়ক উপদেষ্টা হ’ব পাৰিলে সেয়া তেওঁ কৈ গৈছিল। তেওঁ আছিল সামাজিক উদ্যমিতাৰ এক জলন্ত সাক্ষী। হিৱৰে বাজাৰ গাঁও খন হৈ পৰিছিল সেউজীয়া আৰু জাকত জিলিকা, দেশ বিদেশৰ পৰা আহি তাত গ্ৰামোন্নয়ন বিষয়ত গৱেষণা কৰিবলৈ আহে আৰু চৰাকাৰেও সেইখন গাঁৱক আৰ্হি হিচাপে ললে।

            মুম্বাইৰ পৰা আৰম্ভ কৰা হ’ল যাত্ৰা ভাৰতৰ দক্ষিণলৈ। প্ৰথমে আমি উপস্থিত হ’লো- কৰ্ণাটকৰ ধাৰৱাৰ নামৰ ঠাইখনত। ধাৰৱাৰৰ পৰা কিছু দুৰৰ এক গ্ৰামাঞ্চলত অৱস্থিত ‘কলকেৰি সংগীত মহাবিদ্যালয়’। এহাল কানাডীয়ান দম্পত্তিয়ে স্থাপনা কৰা এইখন বিদ্যালয় দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালীৰ বাবে। সাধাৰণ বিদ্যালয়তকৈ ইয়াৰ পাৰ্থক্য এয়েযে ইয়াত পৰম্পৰাগত শিক্ষাৰ লগতে সংগীত শিক্ষা বাধ্যতামূলক। সংগীত বুলিলে গানৰ পৰা আৰম্ভ কৰি বিভিন্ন বাদ্যযন্ত্ৰলৈকে, বিশেষকৈ ভাৰতীয় লোকসংগীত বা হিন্দুস্তানী মিউজিক। বিদ্যালয় খন চৰকাৰী নহয়, ছাত্ৰ-ছাত্ৰীয়ে মাচুল দিব নালাগে কিন্তু ধনৰ অভাৱ হোৱা নাই। সম্পূৰ্ণ আৱাসিক এইখন বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীবোৰে আগৰ দিনত গুৰুকুলত কৰাৰ দৰে নিজৰ বাবে প্ৰয়োজনীয় খেতি, হোষ্টেলত ৰন্ধা-বঢ়া, বাচন-বৰ্তন ধোৱা বা আন আন আনুসংগিক কামবোৰ নিজেই কৰে। ইয়াত বহুত শিক্ষক বিদেশৰ পৰা আহে, তেওলোকে মাননী নাপাই বৰং শিক্ষক গৰাকীয়ে এইখন বিদ্যালয়ত শিকোৱা বাবে নিজে পইচা দিব লাগে। বিভিন্ন দাতব্য সংস্থাই ইয়াত পূজিৰ যোগান ধৰে আৰু বিদ্যালয় খন শিক্ষণ গৱেষণাৰ এক থলীৰূপে গঢ়ি উঠিছে। বহুতে ইয়াত শিক্ষণ পদ্ধতি অধ্যয়ন কৰিবলৈ আহে, আনকি আমি তাত যাওঁতে আমিও কিছু মাননী দিব লগা হৈছে। এয়া বিদ্যালয়খনৰ এক সুকীয়া পৰিছয়। এনেকুৱাকৈ বিদ্যালয় খন গঢ় দি তুলিছে যাক চাবৰ বাবে বা অধ্যয়ন কৰিবৰ বাবে দেশ-বিদেশৰ পৰা মানুহ আহে আৰু ই এক আয়ৰ উৎস তেওঁলোকৰ বাবে। ইয়াৰ পৰা শিকিবলগীয়া কথাটো হ’ল- শূন্যৰ পৰা আৰম্ভ কৰাএইখন বিদ্যালয়ে সামাজিক দায়বদ্ধতাৰে সেৱা আগবঢ়োৱাৰ উপৰিও এক অগতানুগতিক ধৰণে পূজি আহৰণ কৰিছে যি এক সামাজিক উদ্যমিতাৰ উৎকৃষ্ট নিদৰ্শন।

ধাৰৱাৰৰ পৰা আহি উপস্থিত হ’লো বাংগালোৰত। মত বিনিময় কৰাৰ সুযোগ পালো যুৱ উদ্যমী আৰু প্ৰতিষ্ঠিত ই-কমাৰ্চ প্ৰতিষ্ঠান ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাতা শচীন বাঞ্চাল আৰু বিন্নি বাঞ্চালৰ লগত। আই আই টিৰ স্নাতক দুইগৰাকী যুৱকে এমাজন কোম্পেনীত চাকৰি কৰিছিল আৰু এদিন দুয়ো চাকৰি বাদ দিলে। নিজাকে কিবা এটা কৰাৰ মানসেৰে আৰু সঞ্চিত অভিজ্ঞতাৰে আৰম্ভ কৰিলে ফ্লিপকাৰ্ট নামৰ এটা  অনলাইন বিক্ৰী প্ৰতিষ্ঠান। এটা সৰু ৰুমত কেৱল কিতাপ বিক্ৰীৰে আৰম্ভ কৰা ফ্লিপকাৰ্টে আজিৰ তাৰিখত ৫৩ হাজাৰ কৌটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। কৌটিপতি শচীন বাঞ্চালৰ জন্ম ১৯৮১ চনত। নিজৰ একাগ্ৰতা আৰু ইচ্ছা থাকিলে সফলতা যে পাব পাৰি সেয়া ফ্লিপকাৰ্টে আমাক শিকালে। আৰম্ভ কৰিবলৈ বহুত বেছি টকা-পইচা নালাগে, থাকিব লাগিব এক উচ্চাকাংক্ষী মন। প্ৰত্য়াহ্বান থাকিবই কিন্তু সমাধানো থাকিব।

            বাংগালোৰৰ পৰা আহি আমি উপস্থিত হৈছিলো চেন্নাইত। চেন্নাইৰ পৰা নাতিদূৰৈত চেংগেলপে নামৰ এখন সৰু গাঁও। তাত লগ পাইছিলো খেতিয়ক আৰ, মাধৱনক। সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে বছৰত তিনিটা চিজন খেতি কৰা আৰ, মাধৱন যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হোৱা উচিত। আই আই টিৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰিঙৰ স্নাতক ডিগ্ৰীধাৰী এইগৰাকী কৃষকে প্ৰথমতে অইল কোম্পেনীত চাকৰি কৰিছিল। তাৰ পিছত অইলৰ চাকৰি বাদ দি নিজে ভালপোৱা কাম কৰিবলৈ নিজৰ গাঁৱলৈ উভতি আহিল। কৃষিকৰ্মক পৰম্পৰাগত ধ্যান-ধাৰণাৰ পৰা আতৰাই এক ব্যৱসায়ীক দৃষ্টিভংগী দিলে। দেশ-বিদেশৰ, বিশেষকৈ ইজৰাইল আৰু আমেৰিকাৰ উন্নত কৃষি পদ্ধতি সমূহ অধ্যয়ন কৰি প্ৰথমতে নিজৰ ২-৩ একৰ খেতিমাটিতে আৰম্ভ কৰিলে, লাহে লাহে গাঁৱৰ আন-আন মানুহৰ কৃষিভূমিতো খেতি সম্প্ৰসাৰণ কৰিলে, গাঁৱৰ মানুহবোৰে নিজৰ মাটিতে সংস্থাপন পালে, আৰু মাটিৰ ভাৰাও পালে। সম্পূৰ্ণ ব্যৱসায়ীক ভিত্তিত কৰা এই খেতিৰ পৰা বছৰত তেওঁৰ আয় কৌটি টকা চুবলৈ সক্ষম হৈছে। মধ্যভোগী ব্যৱসায়ীক আতৰাই তেওঁলোকে নিজেই এখন বজাৰো গঢ়ি তুলিলে য’ত তাৰ কৃষকে মাত্ৰ বেছিব পাৰে। বিদেশলৈও তেওঁলোকৰ খেতিৰ ফচল বিক্ৰী কৰিব পৰা হ’ল। ব্যৱসায়ীক আৰু সামাজিক উদ্যমিতাৰ ই এক সূন্দৰ নিদৰ্শন।

            চেন্নাইৰ পিছত বিজয়বাড়া হৈ উৰিষ্যাত জো-মেথিউৰ কৰ্মৰাজীৰ চাক্ষুস অভিজ্ঞতা লভি বিহাৰৰ পাটনাত থকা তৰুতৃণ নামৰ এখন চাবলগীয়া অনুষ্ঠানত উপস্থিত হৈছিলো। তৰুতৃণত খেতি সমূহ সম্পূৰ্ণ জৈৱিক পদ্ধতিত কৰিছে আৰু অধিক সংখ্যক খেতিয়ে ঔষধি গছ ( Medicinal Plant), আমাৰ মানিমুনিৰ পৰা আৰম্ভ কৰি জাতি-জালুক, মহানিম ইত্যাদি। সদায় দেখি থকা গছবোৰ ইমান প্ৰণালীবদ্ধ ভাৱে কৰা দেখি সচাকৈ অনুপ্ৰানিত হৈছিলো। কেৱল তাত খেতিৰ পৰা উপাৰ্জন নহয়, এতিয়া তাত বহুতে গৱেষণা কৰিব আহে আৰু পৰ্য্যটনৰ থলীও হৈ পৰিছে। থলুৱা প্ৰজাতিৰ বহুতো গছ তাত উপলব্ধ আৰু সংৰক্ষণ কৰি ৰাখিছে। গোবৰৰ বাবে গৰু ৰাখিছে য’ত গোবৰ আৰু গাখীৰ দুইটাই উপলব্ধ। গোবৰ গেছ আৰু গোবৰ গেছৰ পৰা বিদ্যুৎ উৎপাদনৰ পৰিকল্পনাৰ কথাও কৈছিল আমাক।

            উত্তৰ প্ৰদেশৰ দেউৰীয়াৰ গাঁৱত দুদিন থাকি আমি দিল্লীলৈ বুলি আগবাঢ়িলো। দিল্লীত গুঞ্জ ফাউণ্ডেশ্যনত আহি উপস্থিত হলো। অংশু গুপ্তাই প্ৰতিষ্ঠা কৰা গুঞ্জৰ বিষয়ে যিসকল জ্ঞাত নহয়, তেওলোকৰ বাবে কব বিচাৰিছো- দুৰ্বলতাক কেনেকৈ শক্তি বা সামৰ্থলৈ ৰূপান্তৰিত কৰিব পাৰি, পেলনীয়া অব্যৱহৃত কাপোৰক কেনেকৈ সৃষ্টিত লগাই কৌটি টকাৰ ব্যৱসায় কৰিব পাৰি সেয়া অংশু গুপ্তাৰ গুঞ্জ ফাউণ্ডেশ্যনে দেখাই দিছে। দিল্লীত চাকৰি বিচাৰি হাবাথুৰি খাই ঘূৰি ফুৰোতে এদিন শীতৰ ৰাতি অংশু গুপ্তাই দেখিলে দিল্লীৰ পদপথত বহুতেই কাপোৰৰ অভাৱত ঠাণ্ডত কপি শুই আছে আৰু আনপিনে দিল্লীৰ বহুতৰে ঘৰত পূৰণি অব্যৱহৃত কাপোৰ সমূহ দম লাগি আৱৰ্জনা হৈ পৰিছে। সেয়াই আৰম্ভণি অংশু গুপ্তাৰ বাবে। পূৰণি কাপোৰবোৰ সংগ্ৰহ কৰিব ধৰিলে, কিছু কামৰ সন্ধানত থকা বস্তিৰ মহিলাক চিলাইৰ প্ৰশিক্ষণ দি সেই পূৰণি কাপোৰবোৰৰ পৰা সৃষ্টিশীল কাম কৰিব ধৰিলে। কাপোৰৰ বেগ, কাপোৰৰ ব’ল, ডোৰমেট (Doormat) আৰু মহিলাৰ চেনিটাৰী পেড আদি প্ৰস্তুত কৰিলে। অতি কম মূল্যত দিব পৰা এই সামগ্ৰী সমূহে বজাৰ দখল কৰিলে, বিশেষকৈ দিল্লীত এনে বহু পৰিয়াল আছে যিয়ে পৰিয়ালৰ ছোৱালী বা মহিলাগৰাকীৰ বাবে চেনিটাৰি পেড কিনিব সক্ষম নহয় আৰু তেওঁলোকৰ বাবে গুঞ্জে প্ৰস্তুত কৰা চেনিটাৰি পেডে এক আশীৰ্বাদ হৈ পৰিল। লাহে লাহে সামগ্ৰীৰ ডিমাণ্ড বাঢ়িব ধৰিলে আৰু ব্যৱসায়ো আগবাঢ়ি থাকিল। বহু মহিলাই দক্ষতা বিকাশৰ বাবে প্ৰশিক্ষণ লাভ কৰিলে  আৰু কৰ্মসংস্থাপন পালে। এনেদৰে অংশু গুপ্তাৰ গুঞ্জে প্ৰতিষ্ঠা আৰু প্ৰসাৰ লাভ কৰিলে, শূন্যৰ পৰা আৰম্ভ কৰি কৌটি টকাৰ ব্যৱসায় কৰাৰ লগতে সামাজিক দায়িত্ববোধো পালন কৰি গ’ল।

            দিল্লীৰ পৰা আহি ৰাজস্থানৰ তিলনিয়াত থকা ‘বেয়াৰফুট (Barefoot)’ কলেজত উপস্থিত হৈ আন এক অনন্য অভিজ্ঞতা লাভ কৰিলোঁ। বাংকাৰ ৰয়ে প্ৰতিষ্ঠা কৰা এইখন কলেজত বিভিন্ন ধৰণৰ বৃত্তিগত শিক্ষা দিয়া হয়। সৌৰচাকি, পুতলা নিৰ্মানকে আদি কৰি বিভিন্ন ধৰণৰ শিক্ষা দিয়া হয় আৰু দেশ-বিদেশৰ বহু প্ৰশিক্ষাৰ্থীয়ে ইয়াত শিক্ষা গ্ৰহন কৰে। ব্যৱহাৰিক শিক্ষাত অধিক গুৰুত্ব দিয়া এইখন কলেজৰ বিশেষত্ব হ’ল এইযে ইয়াৰ শিক্ষক সকল কোনো এম,এ,  এম,এচ চি, বা ইঞ্জিনীয়াৰিং ডিগ্ৰীধাৰী নহয়। অধিক সংখ্যক শিক্ষক বা প্ৰফেছাৰৰ আনুষ্ঠানিক শিক্ষা নাই কিন্তু নিজ নিজ বৃত্তিত তেওলোক অভিজ্ঞ আৰু পাকৈত। শিক্ষকেও ইংৰাজী ভাষা নাজানে আৰু বিদেশী প্ৰশিক্ষাৰ্থী সকলেও নাজানে, কিন্তু বিদেশৰ প্ৰশিক্ষাৰ্থী সকলক অসুবিধা নোহোৱাকৈ শিকাইছে কেনেকৈ সৌৰচাকি নিৰ্মান কৰিব লাগে। কাঠ কাটি কেনেকৈ বিভিন্ন ধৰণৰ সামগ্ৰী নিৰ্মান কৰিব লাগে সেয়া কাঠমিস্ত্ৰী জনতকৈ কোনে ভালকৈ জানিব, শিক্ষক সকল প্ৰথমতে ব্যৱহাৰিক শিক্ষাৰে শিক্ষিত তাৰ পিছত প্ৰয়োজন হোৱা যিখিনি কিতাপৰ কথা বা সূত্ৰ সেয়া শিকি লৈছে।

 এনেকৈয়ে গুজৰাটৰ আহমেদাবাদ হৈ আকৌ মুম্বাই আহি ১৫ দিনীয়া ৰেলযাত্ৰাৰ সামৰণি মাৰিলো। জাগৃতি যাত্ৰাৰ আলোচনা কৰাৰ উদ্দ্যেশ্য এয়ে যে, এই যাত্ৰা আছিল এক প্ৰেৰণাৰ উৎস আৰু উদ্যমীবোৰ একো একোজন দৃষ্টান্ত সৃষ্টিকাৰী ব্যক্তিয়েই নহয় একো একোটা অনুষ্ঠান। ই এক সাহসৰ উৎস আৰু কথাবোৰ নতুনকৈ ভৱাৰ সমল দিয়ে।

Related Posts

ছহিদ গংগা কলিতা

আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁ‌ৱৰ স্বৰ্গীয় তাৰানাথ…

Be the Master of Technology, Not the Slave of it

“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…

সকলোতকৈ ডাঙৰ কোন!

মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…

বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ

এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…

Recruitment from Open Market

বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…

অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত

মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…