দুটা প্ৰেমৰ গল্প, প্ৰথম প্ৰেম আৰু কিছু যোগাত্মক চিন্তা

প্ৰেম মানেনো কি, কাৰোবাৰ মতে এয়া স্বৰ্গীয় কাৰোবাৰ বাবে জুন মাহত সজীৱকৈ ফুলা এপাহ ৰঙা গোলাপ আৰু বহুত কিবা কিবি। তাজমহল মানে প্ৰেম, ডিভাইন কমেডি অথবা মিৰিজীয়ৰী মানে প্ৰেম, ট্ৰয় নগৰ ধ্বংসৰ আৰতো প্ৰেম। অভিধানত থকা প্ৰেমৰ সংজ্ঞালৈ আমি নাযাওঁ, আমি প্ৰেম বুলি আলোচনা কৰোতে  নাৰী-পুৰুষৰ প্ৰেম বা ডেকা গাভৰুৰ প্ৰেমৰ কথা আলোচনা কৰিম। অভিজ্ঞতাই মানুহক বহু কথাই শিকাই, নিজৰ ব্যক্তিগত প্ৰেমৰ অভিজ্ঞতা আৰু আন বহু চিনাকীজনৰ প্ৰেম আৰু বিৰহ ওচৰৰ পৰা দেখিছো,  বিভিন্ন কাৰণত বহুজনে নিজৰ প্ৰেমৰ কথা বা প্ৰেমজনিত সমস্যাৰ কথা, সুখ-দুখ ব্যক্ত কৰিছে, শুনিছো, কথা পাতিছো আৰু যুকিয়াই চাবলৈ চেষ্টাছো। ৰাধা-কৃষ্ণৰ প্ৰেম কাহিনী আমি সকলোৱে জানো, এক যুগে যুগে বন্দিত প্ৰেমকাহিনী। প্ৰেম আৰু ভালপোৱা একেই নেকি অথবা প্ৰেমৰ শেষত বিয়া নেকি, প্ৰেম এবাৰেই হয় নেকি বা প্ৰেমত বিৰহ কিমান ইত্যাদি ইত্যাদি প্ৰশ্নৰ উত্তৰ সমূহ বিচাৰিবলৈ চেষ্টা কৰিম।

            তাইৰ নাম স্বাতি, মাৰোৱাৰী সম্প্ৰদায়ৰ ছোৱালী। ইমান ধুনীয়া মৰম লগা, ফুল-ফুলীয়া বগা তাই। তৃতীয় শ্ৰেনীত পঢ়ি আছিল তাই আৰু মই চতুৰ্থ শ্ৰেনীত। সেয়া আজিৰ পৰা প্ৰায় ২৫ বছৰ আগৰ কথা, তাই ক্লাছলৈ আহিলে দূৰৰ পৰা চাই থাকো, কিবা ভাল লাগে- লুকাই চুৰকৈ চাই থাকো, বাহানা লৈ তাইৰ ওচৰলৈ যাওঁ। তাই এদিন স্কুলত নাহিলে কিবা বেয়া লাগে, সেয়া মোৰ প্ৰেম নেকি! তেতিয়াতো এইবোৰ শব্দ শুনাওঁ মনত নপৰে আৰু বুজিওঁ পোৱা নাছিলো, কিন্তু কিবা এটা অনুভৱ হৈছিল মনৰ ভিতৰৰ পৰা। তাইক সদায় চাই থকাৰ হেপাহ জাগিছিল, এইবোৰ কথাটো তাইক কেতিয়াওঁ কোৱাই নহ’ল আৰু তাই চাগে গমেই নাপালে। এদিন তাই আমাৰ ঠাই এৰি আন কৰবালৈ গুচি গ’ল, ক’ত গ’ল নাজানো- মইয়ো নিজৰ কামত ব্যস্ত হৈ পৰিলো। সেয়াই চাগে মোৰ বিপৰীত লিংগৰ প্ৰতি জাগ্ৰত হোৱা প্ৰথমটো অনুভৱ। সেয়া প্ৰেম নে ভালপোৱা নে অভিধানে বিচাৰি নোপোৱা অন্য কিবা শব্দ সেয়া মই নাজানো। তাইক লৈ জীৱন জীয়াৰ কথাওঁ ভৱা নাছিলো, তেতিয়াতো জীৱন কি বুজাওঁ নাছিলো কিন্তু তাইক দেখিলে এক সুখানুভুতি হৈছিল, সেয়াই চাগে প্ৰেমৰ অংকুৰণ আছিল।

প্ৰতিভা তাইৰ নাম, উৰিষ্যাৰ ছোৱালী। কলেজৰ পৰা কেম্প এটাত গুৱাহাটি আহিছিল। মই তেতিয়া স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ, মইয়ো অসমৰ প্ৰতিনিধি হৈ কেম্পত অংশগ্ৰহন কৰিছিলো। কেম্প শেষ হোৱাৰ আগদিনা আহি হঠাতে তাই কন্দা-কটা আৰম্ভ কৰি দিলে। মোক লগৰ এজনে আহি কলে- তাই হেনো মোক ভাল পাই পেলাইছে আৰু সেয়ে কেম্প শেষ হ’ব বুলি তাইৰ দুখ। মই তাইৰ ওচৰলৈ গলো। তাই বেছিকৈ ফেকুৰিব ধৰিলে, মই একো বুজিব নোৱাৰিলো- কেম্পত ইমান বেছি মিলা-মিছাও হোৱা নাছিল তাইৰ লগত- কিন্তু কেনেকে জানো তাইৰ মোৰ প্ৰতি দুৰ্বলতা আহিল সেয়া মই নাজানো। দুয়ো কিছু দূৰ ওলাই গলো খোজ কাঢ়ি, হাতত ধৰি কথা পাতিলো প্ৰায় দুঘণ্টা মান। মই চাগে সেই অনুভৱটো কৰিব পৰা নাছিলো- যিটো তাই কৰিছিলে। তাই বিয়াৰ কথা উলিয়ালে- তাই হেনো অসমতে থাকি যাব, মই তেতিয়া সেইবোৰ কথা ভাৱিৱই নোৱাৰো। পিছদিনা ৰাতিপুৱা তাই ট্ৰেইনত উঠি গুছি যাব, সময়বোৰ যেন দ্ৰুত গতিত আগবাঢ়িছে, তাই যাব বিচৰা নাই – মই বুজাইছো চিঠি লিখিম আমি, ঘনাই খবৰ লৈ থাকিম, তেতিয়া আমাৰ ফোন নাছিল। তাইৰ চকু চলচলীয়া হৈ গৈছে, মই তাইক ট্ৰেইন ষ্টেছনত নমাই দি আহিলো। অলপ সময়ৰ বাবে বেয়া লাগিল- তাইৰ মুখ খন মনত আহিব ধৰিলে। তাই গুছি গ’ল, আজিলৈকে আৰু কোনো যোগাযোগ নহ’ল। সেয়া প্ৰেম আছিল নে ক্ষন্তেকীয়া আৱেগ আছিল নাজানো, কাষত লগ পাই থকা হলে অথবা যোগাযোগ কৰি পৰা হ’লে হয়তো এই চিনাকী এটা সম্পৰ্কলৈ ৰূপান্তৰ হ’লহেতেন। এই দুৰ্বলতাও চাগে একপক্ষীয় আছিল সেয়েহে চাগে মোৰ পৰা ইমান সহাৰি নাপালে। যিয়েই নহওঁক কাহিনী তাতেই শেষ।

            আজি যদি মোক মোৰ প্ৰথম প্ৰেমৰ কথা সোধে, মই স্বাতি বা প্ৰতিভাৰ কথা নকওঁ বা সিহতৰ কথা তৎক্ষণাত মনলৈ নাহে। প্ৰথম প্ৰেম বুলি কলে মই কলেজত পঢ়ি থাকোতে আৰম্ভ হোৱা প্ৰেমৰ সম্বন্ধটোৰ কথাহে কব লাগিব। তাই মোতকৈ দুবছৰ জুনিয়ৰ আছিল। মই স্নাতক তৃতীয় বৰ্ষত আৰু তাই স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী। মই কবিতা লিখি ভাল পাওঁ আৰু তাই নৃত্য কৰি। তাইৰ হাঁহিত নিজকে হেৰাই পেলাইছিলো। প্ৰেমৰ সম্পৰ্ক কেনেকে আৰম্ভ হ’ল আজি সেইবোৰ কথা প্ৰাসঙ্গিক নহয়, কিন্তু আমি দুয়ো-দুয়োজনক লৈ বহুত সপোন দেখিছিলো।  আঠ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক এটা থকাৰ পিছত আজি মই তাইৰ ঠিকনা নাজানো আৰু সেয়াই বাস্তৱ। প্ৰেমত কোনো চৰ্ত নাথাকে, তথাপিওঁ আৰম্ভণিতে আমি বহুত নিয়মেই বান্ধি লৈছিলো। প্ৰেমৰ লক্ষ্য আমাৰ বিয়া কেতিয়াওঁ নাছিল, বিয়াৰ কথা আমি উপযুক্ত সময়ত পাতিম বুলি এটা যাত্ৰা আৰম্ভ কৰিলো। লাহে লাহে সময় বাগৰিল, এজনে আনজনৰ ভাল লগা-বেয়া লগা, পছন্দ-অপছন্দ আদি বুজি পোৱা হ’লো। বিয়া আমাৰ একমাত্ৰ লক্ষ্য হৈ পৰিল। পঢ়া-শুনা সাং কৰি চাকৰি এটা লাগে। কোনোৰকম চাকৰি এটা যোগাৰ হ’ল, এতিয়া ঘৰ এটা বনাব লাগে ইত্যাদি ইত্যাদি। সময়বোৰ গৈ থাকিল- চাকৰি সূত্ৰে মই বাহিৰত থাকিলো,  ফোনত প্ৰেমৰ কথাতকৈ বিয়াৰ কথাই অধিক গুৰুত্ব পাইছিলে, তাইৰ ঘৰত বিয়াৰ চাপ বাঢ়িব ধৰিলে আৰু মইযেন নিজে সেই কথাটো সিমান বুজিব নোৱাৰিলো ; প্ৰায়ে আমাৰ সৰু সৰু বিষয় লৈ কাজিয়া হ’ব ধৰিলে, তথাপিওঁ আমাৰ সম্পৰ্ক চলি থাকিল। চেতন ভগৎৰ ‘টু ষ্টেট’ নামৰ উপন্যাস খন পঢ়িছে যদি জানিব তাত এষাৰ কথা লিখিছিলে- বিদেশত প্ৰেম বিবাহ হবলৈ লৰাজনে ছোৱালীজনীক আৰু ছোৱালীজনীয়ে লৰাজনক ভাল পাব লাগিব। কিন্তু  আমাৰ দেশত ল’ৰা-ছোৱালীয়ে পৰস্পৰে পৰস্পৰক ভালপোৱাৰ পিছত, লৰাঘৰে ছোৱালী জনীক, ছোৱালীঘৰে লৰাজনক, লৰাঘৰে ছোৱালী ঘৰক, ছোৱালীঘৰে ল’ৰাঘৰক ভালপাব লাগিব আৰু তেতিয়ালৈকে লৰা আৰু ছোৱালী জনীৰ প্ৰেম অটুত থাকিব লাগিব। আমাৰো সেয়াই হ’ল- তাই বিচৰা ধৰণে মই ঘৰত কথাষাৰ উপস্থাপন কৰিব নোৱাৰিলো, তাই ভাৱি ললে মই দুৰ্বল আৰু দায়িত্বৰ পৰা পলাইছো আৰু ঘৰৰ মানুহৰ কথা দৌৰা-দৌৰি নকৰি লাহে লাহে পাতিম বিয়া- বেছিকৈ কলে ছোৱালীফলীয়া হোৱা বুলি অপযশ আহে। এটা সময়ত আৰু হেণ্ডেল কৰিব নোৱাৰা হৈ গ’লো। যেতিয়া মোৰ বয়স ২৫ বছৰ আছিল তেতিয়া চাগে মানসিক ভাৱেও আজিৰ দৰে পৰিপক্ক নাছিলো। এদিন আতৰি অহাৰ সিদ্ধান্ত ললো। সেয়া ভাল কৰিলো নে ভুল কৰিলো সেয়া সময়ে কব। মোৰ বাবে পৃথিৱীখন অন্ধকাৰ যেন লাগিল যেন মই থিয় হৈ থকাৰ শক্তিকণ হেৰুৱাই পেলাইছো। তাইৰো চাগে একেই অৱস্থা হৈছিল- জোৰ কৰি কথা নপতাকৈ থাকিলো, এবছৰ পিছত তাই তাইৰ বিয়াৰ খবৰ দিলে। প্ৰেম মোৰ বাবে হৈ পৰিল এটা ঘৃণনীয় শব্দ। One Women Man ত বিশ্বাস কৰা মই যেন নিজকে সেই নিয়মৰ পৰা উলিয়াই আনিলো, বহুতৰে লগত তেতিয়া কথা পাতো- কিন্তু সকলোৰে মাজত তাইক বিচাৰো বাবে চাগে বেছিদিন নাথাকে সেই সম্পৰ্কবোৰ। তাইৰ বিয়াৰ অতিথি হ’লো- তাইৰ প্ৰতি মোৰ কোনো বেয়া ভাৱ নাই। সময় কিন্তু গৈ থাকিল আৰু তাইক হেৰুৱাৰ বেদনা বেছিদিন নাথাকিল, নিজৰ চাকৰি- পঢ়া-শুনাক লৈ ব্যস্ত হৈ পৰিলো। দুখ কিছুদিন থাকিল যদিও নিজকে চম্ভালি লৈ বাস্তৱক স্বীকাৰ কৰি ললো।

চাৰি-পাছ বছৰ পিছত ময়ো বিয়া পাতিলো, ‘এৰেঞ্জ মেৰিজ’ কিন্তু ক’তো একো অসুবিধা হোৱা নাই। একো কথা লুকোৱাওঁ নাই, বিশ্বাসৰ মাজেৰে চলি গৈছে আমাৰ সংসাৰ। প্ৰেমো হৈছে-জীৱনো উদযাপনো কৰিছো। প্ৰেমৰ বিচ্ছেদ আৰু বিয়াৰ মাজত দুই-এবাৰ নতুনকৈ প্ৰেমৰ অংকুৰণ হৈছিল যদিও সেয়া আছিল ক্ষন্তেকীয়া। অভিজ্ঞতাই মোক এটা কথা শিকালে- প্ৰেমে মানুহক সাহস দিয়ে আৰু Commitment ৰ ধাৰণা দিয়ে। প্ৰেম নকৰা হলে হয়তো চাকৰি পাবৰ বাবে যিমান চেষ্টা কৰিছিলো সেয়া অলপ হলেও কম হ’লহেতেন। শেষত শিকাই গ’ল- বিয়া প্ৰেমৰ পৰিসমাপ্তি নহবও পাৰে আৰু বিয়া নহলে প্ৰেম অসফল হৈছে বুলি ধৰি লোৱাটো মোৰ দৃষ্টিত অযুক্তিকৰ। সকলোতকৈ গুৰুত্বপূৰ্ণ শিকনি- প্ৰেমৰ প্ৰথম বুলি থাকিব পাৰে কিন্তু শেষ বুলি থাকিব নোৱাৰে বা নাথাকে। নিজৰ আত্মবিশ্বাস থাকিলে প্ৰেম হ’ব সৃষ্টিশীল, প্ৰেমৰ বিচ্ছেদত বিৰহী হৈ থকাতকৈ দুখবোৰ সৃষ্টিত লগাওঁক। প্ৰেমৰ ভাল মুহুৰ্তবোৰ ৰোমন্থন কৰক – আপোনাক শক্তি দিব।

Related Posts

ছহিদ গংগা কলিতা

আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁ‌ৱৰ স্বৰ্গীয় তাৰানাথ…

Be the Master of Technology, Not the Slave of it

“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…

সকলোতকৈ ডাঙৰ কোন!

মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…

বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ

এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…

Recruitment from Open Market

বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…

অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত

মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…