মমী গোস্বামী নগাঁওৰ ছোৱালী, কলেজত তাই মোৰ সহপাঠী আছিল। তাই ভাল পাইছিল এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ ল’ৰাক। ৰাজস্থানত ঘৰ যদিওঁ চাকৰি সূত্ৰে সি গুৱাহাটীত আছিল। ৰেলৱেত চাকৰি কৰিছিল সি। ওখ-পাখ ধুনীয়া ল’ৰা, কলেজত থাকোতে দেখিছিলো আমি। গ্ৰেজুৱেশ্যন শেষ কৰি দুবছৰ মান পিছত তাই বিয়া পাতিলে আমাৰ লগত অৱশ্যে যোগাযোগ নাথাকিল। ৪-৫ বছৰমান পিছত ফেচবুকত কথা পাতোতে গম পালো তাইৰ হেনো বিবাহ বিচ্ছেদ হ’ল। কাৰণ কি বুলি সুধোতে কলে- সাংস্কৃতিক ভিন্নতাই আমাক দূৰ কৰি দিলে, প্ৰেম আৰু বিয়া দুটা সম্পূৰ্ণ বেলেগ। প্ৰেম কৰি থাকোতে- ডেটিঙত যাওঁতে যিবোৰ কথা ভৱা নাছিলো- বিয়াৰ পিছত সেইবোৰ কথা ভাৱিব লগা হ’ল। গুৱাহাটীত থকালৈকে চলি আছিল, কিন্তু যেতিয়া ৰাজস্থানলৈ চাকৰি বদলি হ’ল আৰু শহুৰ ঘৰত আহি থাকিব ধৰিলে তেতিয়া হেনো সহজ নহ’ল তাইৰ বাবে। ঘৰৰ পৰা প্ৰথম সময়ত যদিও মত নাছিল, পিছত মান্তি হৈছিল দুয়োখন ঘৰে। মাঘৰ বিহুৰ উৰুকাৰ দিনা যেতিয়া পনীৰ মছালা ভাত খাব লাগে তাইৰ ঘৰলৈ বৰকৈ মনত পৰে। স্বাধীনমনা মমীযেন কিছু বান্ধোনেৰে বান্ধ খাই পৰিলে, উৰি ফুৰিব বিচৰা মমীয়ে যেন মাতৃভাষাত কান্দিবও নোৱাৰা হ’ল। হয়তো আৰু অন্য কিবা কথাওঁ আছে, যিখিনি হয়তো মই নাজানো। আমাৰ বিয়াৰ সময়ত ঘৰৰ পৰা যে একে ধৰ্মৰ, একে সংস্কৃতিৰ বা একে আৰ্থিক অৱস্থাৰ দৰা-কইনা বিচাৰে তাৰ হয়তো কিছু কাৰণ আছে। ল’ৰা বা ছোৱালী গৰাকী যিটো জীৱনধাৰাত ডাঙৰ হৈ আহিছে, ঘৰ সলনি হলেও পৰিৱেশটো একে থাকিলে চাগে সহজ হৈ পৰে। মই অৱশ্যে অন্য ধৰ্ম বা অন্য সংস্কৃতিৰ মানুহৰ লগত বিয়া হোৱাৰ বিৰোধী নহয়, কিন্তু প্ৰেমৰ সময়ত বা বিয়াৰ আগতে এই কথাবোৰ জানি ললে নিজকে প্ৰস্তুত কৰি লব পাৰে। মমীয়ে প্ৰেমৰ সময়ত হয়তো বা বিয়া পতাৰ আগতে যদি অলপ অধ্যয়ন কৰিলেহেতেন ভৱিষ্যতৰ পৰিৱেশ সম্পৰ্কে তেন্তে নিশ্চয়কৈ সিদ্ধান্তবোৰ হয়তো অলপ বেলেগ হ’লহেতেন।
সেই একেই কথা নলবাৰীৰ জয়ন্তৰ, সি ভাল পাই মহাৰাষ্ট্ৰৰ বিদিশাক। তাই ইউনিভাৰ্ছিটিত পঢ়ি থাকোতে জয়ন্তই তাইক এটা কেম্পত লগ পাইছিল। মাৰাঠী ছোৱালী বিদিশাই গৱেষণাৰ কাম ভাল পাই আৰু জয়ন্তই ফুৰি, অসমীয়া জয়ন্তই কথা কৈ ভাল পাই আৰু তাই কথা শুনি। এজনে আনজনক এৰিব নোৱাৰা দুৰ্বাৰ প্ৰেম। বিদিশাৰ ঘৰখন আৰ্থিক ভাৱে জয়ন্তত কৈ সৱল। ঘৰৰ পৰা এদিনতে বিয়াৰ সন্মতি দিয়া নাছিল। যিয়ে নহওঁক এদিন অগ্নিক সাক্ষী কৰি সিহতৰ প্ৰেম বিয়ালৈ ৰূপান্তৰিত হ’ল। দুয়ো সুখী, কেৱল জয়ন্তই অসমলৈ ঘূৰি আহিব খোজা অংকটো নিমিলা হৈছে। বিদিশাই নিজৰ জন্মস্থান এৰিব নোখোজে, কেতিয়াবা এই কথাটোৱে জয়ন্তক অলপ আমনি কৰে। প্ৰেমত কোনো অংক নাথাকে- থাকে ৰসায়ন মাত্ৰ, কিন্তু বিয়াত কেৱল ৰসায়ন মিলিলেই নহ’ব অংকও মিলিব লাগিব।