মৃত্যুক যিয়ে ওচৰৰ পৰা দেখিছে

ইংৰাজীত এষাৰ প্ৰবাদ আছে- ‘You have not live your life until you have almost died’ অৰ্থাৎ আপুনি যদি এবাৰ মৃত্যুক ওচৰৰ পৰা দেখা নাই তেতিয়া হয়তো জীৱনটো সঁচা অৰ্থত জীয়াব পৰা নাই। বহুতৰে চাগে এনেকুৱা অভিজ্ঞতা হৈছে আৰু বহুতৰে হোৱা নাই। মই এবাৰ এনে এটা অভিজ্ঞতাৰ মুখামুখি হৈছিলো- যিয়ে মোক জীৱনটো নতুনকৈ চাবলৈ শিকালে, মৃত্যু ভয় কিমান ভয়ংকৰ যদি আমি বুজিব পাৰো তেতিয়া জীৱনটো কিমান সূন্দৰ সহজে বুজিব পাৰিম। মোৰ অভিজ্ঞতাই হয়তো যিসকলে মৃত্যুৰ মুখামুখি হোৱা নাই তেওঁলোকক কিছু আভাস দিব জীৱনৰ প্ৰতি আমাৰ মোহ কিমান আৰু আমিযে যেনেকৈ আছো সুখতে আছো।

            ‘I shouldn’t Be Alive’ টিভিৰ ধাৰাবাহিক খন যিয়ে চাইছে তেওলোকৰ বাবে কিছু সুবিধা হ’ব তলৰ ঘটনাটো দৃশ্যপটত আকি লবলৈ। ঠিক তাৰ ঘটনাবোৰৰ দৰেই মোৰ এই অভিজ্ঞতা। মিজোৰামৰ ৰেইয়েক পৰ্বতত অৱস্থিত ‘আইলুঙ কেভ’  নামৰ এটা অনাদৃত গুহা। এদিন ৰেইয়েক পৰ্বতত ফুৰিব যাওঁতে কোনো পৰিকল্পনা নোহোৱাকৈ গুহাটো চাম বুলি সোমালো। গুহাটোৰ কথা আগতে শুনিছো, পাহাৰৰ এটা পিনেৰে সোমাই আনটো পিনেৰে ওলাব পাৰি হেনো। ইয়াৰ আগতে মই কেতিয়াও গুহাৰ ভিতৰত সোমোৱা নাই, কিয় জানো মোৰ ভাৱ আছিল ৰাস্তাৰ কালভাৰ্টৰ দৰেই মসৃন হ’ব চাগে গুহাবোৰ। আমি প্ৰায় ২০ জনীয়া দল এটা গৈছিলো সিদিনা ফুৰিবলৈ, কিন্তু আমি ৫-৬ জন মানহে গুহাটোৰ ভিতৰত সোমাইছিলোঁ। মোৰ আগে আগে তিনিজন মিজো ল’ৰা, সিহঁত তাৰ স্থানীয় আৰু সিহঁতৰ দেহবোৰ লাহী। কৰবাত যদি অলপ পানী ভাঙি আগবাঢ়িব লগীয়া হৈছে কৰবাত অলপ বগাব লগা হৈছে। প্ৰথমতে পোহৰ আছিল, কিন্তু যিমান ভিতৰলৈ সোমালো পোহৰ কমি গৈ প্ৰায় শূন্য হৈ পৰিল। আমাৰ হাতত কেৱল মোবাইল ফোনৰ টৰ্চৰ পোহৰ। এনেকৈ কিছুদূৰ সোমাই যোৱাৰ পিছত অলপ গুহাৰ ভিতৰতে ৬-৭ ফুট মান ওখ দেৱালৰ দৰে বগাব লগীয়া হ’ল, তাৰ পৰা মোৰ পিছপিনে থকা কেইজন উভতি গ’ল। মই তেতিয়া চাৰিজন সদস্যৰ ভিতৰত শেষৰ জন। কিবা এটা পোৱাৰ ইচ্ছাত গৈ আছো, আৰু কিমান দূৰ আছে নাজানো। কিছুদূৰ যোৱাৰ পিছত এটা ঠেক ৰাস্তা, শুই শুই পাৰ হ’ব লাগে। মিজো ল’ৰা তিনিজন পাৰ হৈ গ’ল।  এবাৰ ৰাস্তাটোৰে অলপ চেষ্টা কৰিলোঁ যদিও মোৰ মনলৈ ভাৱ আহিল, মই সেই সৰু ৰাস্তাটোৰ মাজেৰে পাৰহৈ যাব নোৱাৰিম, ফচি যাম। সিহঁতে সিপিনৰ পৰা মোক মাতিলে, কিন্তু মই সাহস নকৰিলো পাৰ হ’বলৈ, মই ঘূৰি অহাৰ সিদ্ধান্ত ললোঁ অকলে।  অহাবাটেৰে উভতি আহিব ধৰিলো, এখন বিশাল পৰ্বতৰ ভিতৰত, এন্ধাৰ-মুধাৰ বাটেৰে উভতনি খোঁজ দিলো। ভাৱ হৈছিল- কিহে মোক সেই গুহাটোত সোমাবলৈ উক দিছিল। আধা ৰাস্তাতে অলপ ভুল কৰি পেলালো, দিশ হেৰালো মই- অন্য এটা দিশত গুচি গ’লো আৰু অলপ পিছত পিছলি তললৈ পৰিলোঁ। ভাৱিলো, যি ৬-৭ ফুট বগাইছিলো সেই অংশটোত চাগে মই পিছলি পৰিলোঁ। মই এটা অন্য গাতত সোমাই গ’লো, মোৰ ককাললৈকে পানী আৰু সম্পূৰ্ণ এন্ধাৰ। চিঞৰি মাতিলো যদিও কোনো উত্তৰ নাই কাৰো পৰা। এক নিজান আৰু ভয়ংকৰ পৰিৱেশে ঘেৰি ধৰিব ধৰিলে। মোৰ ঘড়ীৰ কাটাৰ টিক-টিক শব্দৰ বাহিৰে আন একো শব্দ নাই, সকলো নীৰৱে আছে। মই কিমান তলত পৰিছো নাজানো, ওপৰলৈ উঠিবলৈ কোনো সুবিধা নেদেখিলোঁ। খুপিয়াই খুপিয়াই ইফালে সিফালে চালো- সুষম পাহাৰৰ পিছল শিল। চিঞৰি চিঞৰি মাতিলোঁ কাৰো মাত নাই। মই পৰ্বতৰ কিমান ভিতৰত সোমাই পৰিছো সেয়াও ধৰিব পৰা নাই। মোবাইল ফোনৰ নেটৱৰ্কটো কেতিয়াবাই মৰিল, কিবা মৃত্যু ভয়ে আমনি কৰিব ধৰিলে। মনলৈ আহিল কোনেও চাগে মোৰ অৱস্থিতি গম নোপোৱাকৈয়ে গুচি যাব, তিল তিলকৈ চাগে মই মৃত্যুক সাৱতি ল’ব লাগিব ইত্যাদি ইত্যাদি। সময় চাগে তেতিয়ালৈকে ১৫ মিনিট মান পাৰ হৈছে, কিন্তু কি কৰিম ভাৱিব পৰা নাই। কেতিয়াবা ভাৱ হয়- পানী চাগে তলৰ পৰা বাঢ়ি আহিছে। তেতিয়ালৈকে কেৱল চিঞৰি মাতিছো কোনোবাই শুনক বুলি। এইবাৰ অলপ থুপিয়াই থুপিয়াই অন্য এটা দিশৰ পিনে লাহে লাহে পানী ভাঙি ভাঙি আগবাঢ়িছো। পানী পৰি থকা শব্দ শুনিলোঁ, আৰু অলপ আগুৱাই গ’লোঁ। এইবাৰ দেখিলো সৰু ফুটা এটাৰে অলপ পোহৰ সোমাই আহিছে। এইবাৰ আকৌ চিঞৰিলো, কেবাবাৰো চিঞৰাৰ পিছত এবাৰ সহাৰি পালোঁ। আমাৰ ২০ জনীয়া দলটোৰ কোনোবা এজনে সহাৰি দিলে। মনটো অলপ সময়ৰ কাৰণে ভাল লাগি গ’ল- কোনোবাইটো গম পাইছে মই গুহাৰ ভিতৰত সোমাই থকা বুলি। কিন্তু কোনেও কাকো দেখা পোৱা নাই, মই কোনখিনি ঠাইত সোমাই পৰিছো সেয়াও নাজানো। স্থানীয় মিজো ল’ৰা দুজনে মোক কলে- মই য’ত পিছলি পৰিছো তালৈকে ঘুৰি যাবলৈ আৰু চিঞৰি মাতি থাকিবলৈ যাতে সিহতে গম পাই মোৰ অৱস্থান। সিহঁতে মোক বিচাৰি আহিব। মই লাহে লাহে আকৌ এটা হিচাপ কৰি উভতি গলো পিছলি পৰা ঠাইখিনিলৈ। চিঞৰি আছো অলপ সময়ৰ মূৰে মুৰে, আধাঘণ্টামান হ’ল – সময়বোৰ ইমান দীঘলীয়া হৈ গৈছে, অনুভৱ হৈছে যেন মোক বিচাৰি নাপাবই নেকি। কিছুসময় পিছত মাত শুনিলোঁ। যেতিয়া সিহঁতে টৰ্চ মাৰি দিলে তেতিয়া ধৰিব পাৰিলো- মই প্ৰায় ১৫-২০ ফুটমান দ কুঁৱাৰ দৰে গাঁত এটাত সোমাই পৰিছিলো। এতিয়া নিজেই বগাই উঠিব লাগিব। এটা ফালে পিঠিৰে আৰু আনটো ফালে ভৰি আৰু হাতেৰে হেঁচি ধৰি লাহে লাহে বগাব ধৰিলোঁ। দুইফুট যদি ওপৰলৈ উঠিছো- একফুট পিছলি তললৈ নামিছো। যেন জীৱন লাভৰ বাবে সকলো শক্তি প্ৰয়োগ কৰিছোঁ। প্ৰায় ওপৰ পাওঁ পাওঁ হওঁতে খোপনি ৰাখিব নোৱাৰি একদম তললৈ পিছলি পৰিলো। ভাগৰ লাগিছে প্ৰচণ্ড, বহিবও নোৱাৰো, পানীয়ে নাক চুব। কি জানো জীৱনৰ মায়া, আকৌ বগালোঁ আৰু শেষত বাহিৰ ওলাই আহিলো। তেতিয়া বাহিৰত প্ৰচণ্ড বৰষুণ। বৰষুণতে বহি দিলোঁ- গাত বোকা-পানী। জীৱনটো কিমান সূন্দৰ হ’ব পাৰে তেতিয়া উপলব্ধি কৰিলোঁ। নিজৰ জিউ বা জীৱটোৰ বাহিৰে আন সকলো বস্তুৱেই অপ্ৰাসংগিক যেন অনুভৱ হ’ল।

            জীৱনক নতুনকৈ চোৱাৰ সুযোগ পালোঁ, জীৱনটোক নতুনকৈ আৱিস্কাৰ কৰিলোঁ। ধন্য মই যে জীয়াই আছো। যেতিয়াই মোৰ জীৱনত টেনশ্যন আহে বা অযথা কথা কিছুমানে মানসিক চাপ দিয়ে, তেতিয়াই মই ওপৰৰ ঘটনাটো মনত পেলাওঁ আৰু ই মোক এক অদম্য সাহস দিয়ে আৰু দিয়ে জীয়াই থকাৰ অৰ্থ। উদযাপন কৰিব বিচাৰো জীৱনৰ প্ৰটিতো মূহুৰ্ত যাতে পিছত অনুতাপ কৰিব লগীয়া নহয়। কৰ’ণা মহামাৰীয়েটো আমাক বহুত কথাই শিকাই গ’ল- কোনদিনা কাৰ মৃত্যু আহে কোনেও নাজানে। আমি আশা এৰিব নালাগিব, কিবা নতুন কৰাৰ বাবে বা জীৱনক আগুৱাই নিবৰ বাবে। আপুনি যদি হাঁহি থাকিব পাৰে সদায় আৰু সুখত টোপনি মাৰিব পাৰে, নিশ্চিন্তমনে জীৱন উদযাপন কৰাৰ বাবেনো আৰু কি লাগে !

Related Posts

ছহিদ গংগা কলিতা

আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁ‌ৱৰ স্বৰ্গীয় তাৰানাথ…

Be the Master of Technology, Not the Slave of it

“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…

সকলোতকৈ ডাঙৰ কোন!

মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…

বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ

এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…

Recruitment from Open Market

বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি। আমি সাধাৰণতে চাকৰিৰ…

অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত

মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…