কেইবছৰমান আগতে এয়াৰ ফোৰ্চৰ ‘ফ্লায়িং অ’ফিছাৰ’ পোষ্টত ইণ্টাৰভিউ দিব গৈছিলো, শেষৰ ৰাউণ্ডলৈ আমি ১০ জন মান আছিলো আৰু প’ষ্ট আছিল ১৫ টা মান, শেষত আমি এজনো চিলেক্ট নহ’লো। যিটো পৰ্যায়ৰ দক্ষতা বিচাৰিছিল, হয়তো আমাৰ নাছিল। ছয়মাহ মান আগৰ কথা, মই যিটো বিভাগত চাকৰি কৰি আছো তাত জিলা পৰ্যায়ৰ সহকাৰী জিলা প্ৰকল্প প্ৰৱন্ধক পদৰ বাবে আবেদন বিচৰা হ’ল, মুঠ ৪৪ টা পোষ্ট, ৬৫ খন মান আবেদন আহিল আৰু ইণ্টাৰভিউ দিবলৈ আহিল মাত্ৰ ৩০ জন। ১২ জন বাচনিত উঠিল আৰু তাৰে ৭ জনেই বেলেগ চাকৰি পাই এৰি দিলে। এইটোও চৰকাৰী চাকৰিয়েই আছিল। মোৰ বন্ধু এজনৰ আই টি কোম্পেনী এটাত যোৱা ৩-৪ মাহ ধৰি ৱেব ডেভেল’পাৰ বিচাৰি আছে, পোৱা নাই। দন্ত চিকিৎসকৰ বাবে প্ৰয়োজনীয় চকীখনৰ চাৰ্ভিছিং কৰা মানুহ নামনি অসমত বোধহয় এজন বা দুজন। চাভিছিং ইঞ্জিনীয়াৰ জনৰ এপইনমেণ্ট পাবলৈ এমাহ আগতে বুকিং কৰিব লাগে। মাজতে অসামৰিক সেৱাৰ কোচিং চেণ্টাৰৰ লগত জড়িত আছিলো, প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ভুগোল আৰু ইতিহাস পঢ়োৱা শিক্ষক বিচাৰি নাপালো, দিল্লীৰ পৰা আনিবলগীয়া হ’ল। সচাকৈয়ে আজিৰ তাৰিখত চাকৰিৰ অভাৱ নেকি বা উপাৰ্জনৰ ৰাস্তা দিব পৰা কৰ্মসংস্থাপনৰ অভাৱ নেকি! মই ওপৰত উল্লেখ কৰা গোটেই কেইটা ভাল ভাল চাকৰি, ভাল দৰমহা। আমাৰ সমস্যা ক’ত, আমি যদি এতিয়াও বুজিব পৰা নাই তেতিয়াহ’লেনো কি কম!
ডিগ্ৰী লোৱা, চাৰ্টিফিকেট থকা, নম্বৰেৰে ভৰি থকা মাৰ্কশ্বীট লোৱা আৰু কাম বিচাৰি থকা ল’ৰা-ছোৱালীৰ অভাৱ নাই, কিন্তু দক্ষতা থকা আৰু কামৰ ওপৰত দখল থকা মানুহ পাবলৈ এতিয়াওঁ বহুত টান। যিয়ে কাম জানে তেওঁৰ বাবে কামৰ অভাৱ এতিয়াও নাই আৰু আগলৈকেও নহ’ব। নম্বৰ লাগে, কিন্তু কেৱল নম্বৰেৰেই জুখিব নোৱাৰি দক্ষতা (Quality) । যি পঢ়িছে বা যি বিষয় লৈ পঢ়িছে তাৰ ওপৰত যদি দখল নাথাকে বা Conceptual Clarity নাথাকে আপুনি পৰীক্ষাত পোৱা নম্বৰ কেইটাৰে বেছিদিন তিষ্ঠিব নোৱাৰিব। Holistic Education বা ল’ৰা বা ছোৱালীজনীৰ যদি সামগ্ৰিক বিকাশ নহয় তেন্তে প্ৰতিযোগিতাৰ পৃথিৱীত তিষ্ঠি থাকিব নোৱাৰিব। বুৰঞ্জী, ভূগোল পঢ়া মানুহ হয়টো বহুত আছে, কিন্তু যিটো ধৰণে পঢ়াব লাগে সেইধৰণে পঢ়াব পৰা মানুহৰ সংখ্যা কম।
কেইদিনমান আগৰ কথা, এটা চাকৰিৰ বাবে অহা আবেদনবোৰ চাই আছিলো, নূন্যতম শিক্ষাগত অৰ্হতা ডিগ্ৰী পাছ লাগে। আপুনি বিশ্বাস কৰিবলৈ হয়তো টান পাব, ৪০ শতাংশ আবেদনকাৰীয়ে নিজৰ জিলাখনৰ নাম ইংৰাজীত শুদ্ধকৈ লিখিব পৰা নাই, কিছুমানেটো নতুন নতুন নামৰ জিলাই সৃষ্টি কৰি লৈছে। সেই ডিগ্ৰীৰ জানো কিবা কাম আছে! কৰবাত নহয় কৰবাতটো কিবা এটা খেলিমেলি আছে। এইযে বহুতে কৈ থাকে, আজিকালি চাকৰি পাবলৈ নাই, সেয়া সম্পূৰ্ণ মিছা কথা। আপুনি হয়টো ক’ব পাৰে, যি পৰ্যায়ৰ চাকৰি পাব লাগিছিল, সেই পৰ্যায়ৰ চাকৰি হয়টো কম বা চৰকাৰী চাকৰি হয়টো কম, কিন্তু কাম জনা মানুহৰ বাবে কাম বা চাকৰিৰ কোনো অভাৱ নাই। এইখিনিতে আৰু এটা কথা কওঁ, আপুনি যেতিয়া কিবা এটা কোৰ্ছত এডমিশ্যন লয়, আপুনি আজি সেই কোৰ্ছটোৰ কিমান ডিমাণ্ড সেইটো বেছি নাচাব, আপুনি জানিব লাগিব আপুনি যেতিয়া পাছ কৰি ওলাব তেতিয়া সেই কোৰ্ছটোৰ ডিমাণ্ড কিমান থাকিব।