স্মাৰ্টফোনত ধৰ্ষিত হয় নিশাৰ বাংময়ী কবিতা, শেলুৱৈ ধৰা স্মৃতিৰ কাৰেঙত সান্ধ্য ভ্ৰমনৰ বিলাসিতা ।

আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।

এজনে পঢ়িছে ভাগৱত গীতা, আনজনে পঢ়িছে কোৰাণ, জন্মসূত্ৰে পাই জানো কোনোবাই ধৰ্মৰ জ্ঞান আৰু নিচান !

লাজত লুকাই বন্ধ কোঠাত শৰীৰ বেছে বেশ্যাই, দিনৰ পোহৰতে টেবুলৰ তলেৰে দৰদাম কৰে ঘোচখোৰ কেৰানী আৰু বিষয়াই ।

বেশ্যাজনে শৰীৰ বেছি পেটৰ ভোক গুচাই আৰু ঘোচখোৰে  বেপাৰ কৰি ইটাৰ দালান সজায় ।

যদি ঈশ্বৰ আছে তেন্তে কিয় ভূলুণ্ঠিত হয় মানৱতা আৰু ধৰ্ষিতা হয় নাৰী, তেওঁ কলে- ঈশ্বৰৰ আদালতৰ পৰা বাচি নাযায় কোনো অপৰাধকাৰী ।

এজনে বিক্ৰী কৰে নিজৰ দেহা আৰু আনজনে দেশ আৰু মানৱতা, এজনক যদি কওঁ বেশ্যা আনজন ঘোচখোৰ বিষয়া ।

এজনে বিক্ৰী কৰে নিজৰ দেহা আৰু আনজনে দেশ আৰু মানৱতা, এজনক যদি কওঁ বেশ্যা আনজন ঘোচখোৰ বিষয়া ।

যদি ঈশ্বৰ আছে তেন্তে কিয় ভূলুণ্ঠিত হয় মানৱতা আৰু ধৰ্ষিতা হয় নাৰী, তেওঁ কলে- ঈশ্বৰৰ আদালতৰ পৰাবাচি নাযায় কোনো অপৰাধকাৰী ।

—মই কলো ঈশ্বৰ নাই —তেওঁ কলে ঈশ্বৰ আছে সৰ্বদায়, —মই কলো ঈশ্বৰ দিকভ্ৰষ্ট —তেওঁ কলে- ঈশ্বৰ দৃঢ়প্ৰতিজ্ঞ।