“Be the Master of Technology, Not the Slave of it”
এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো। ফেচবুক, ইনষ্টাগ্ৰাম, এক্স, ইউটিউব বা হোৱাটছএপ আদি দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে। সময়ৰ লগত খোজ দিবলৈ হ’লে আপুনি এইবোৰৰ ব্যৱহাৰৰ শূন্য কৰিও দিব নোৱাৰে।
‘Engage the User’ বা ব্যৱহাৰ কৰি থকাজনক ব্যস্ত কৰি ৰাখক বুলি তথ্য প্ৰযুক্তিৰ এটা টেকনিক (Algorithm) আছে যিয়ে আপোনাক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামক এৰিব নোৱাৰা নিচালৈ পৰিৱৰ্তন কৰি দিব পাৰে। প্ৰায়বোৰ চোছিয়েল মিডিয়াতে আজিকালি কৃত্তিম বুদ্ধিমত্তা (Artificial Inteligence) ব্যৱহাৰ কৰি মানুহ এজনক ব্যস্ত কৰি ৰাখিব পাৰে। আপুনি গমেই নাপাব কিমান সময় গুচি গ’ল ফেচবুক বা ইনষ্টাগ্ৰাম চাই থাকোতে। এটাৰ পিছত এটা আপুনি ভাল পোৱা ভিডিঅ’ বা কাহিনী আপোনাৰ সন্মুখত আহি থাকিব। নজনাকৈয়ে আপোনাক দাস কৰি পেলাই এই চোছিয়েল মিডিয়াই।
তথ্যই কয়, যিসকলে নিজকে অধিক স্বাধীনমনা বুলি ভাৱে বা নিজৰ সিদ্ধান্ত নিজেই ল’ব পাৰে বুলি বিশ্বাস কৰে তেওলোক এই তথ্য-প্ৰযুক্তিৰ দাস সোনকালে হৈ পৰে।
নিজকে সজাগ (Alert) কৰি ৰখা দৰকাৰ, মই ইমান সময়হে ফেচবুক চাম বা ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰিম। নহলে আপোনাকো হয়তো এই তথ্য প্ৰযুক্তিয়ে দাস কৰি ল’ব। তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰি তাৰ পৰা লাভ লওক কিন্ত, তথ্য প্ৰযুক্তিয়ে আপোনাক যাতে ব্যৱহাৰ কৰিব নোৱাৰে।