Recruitment from Open Market

বহুতেই মোক কেতিয়াবা সোধে মোৰ চাকৰিটোনো কেনেকুৱা। মানে Regular নে Contractual বা গ্ৰেড 1 নে গ্ৰেড 3, চৰকাৰী নে প্ৰাইভেট, দৰমহা কিমান ইত্যাদি ইত্যাদি।

আমি সাধাৰণতে চাকৰিৰ কথা ভাৱিলে বা বিশেষকৈ চৰকাৰী চাকৰিৰ কথা যেতিয়া ভাৱো তেতিয়া তিনি ধৰণৰ মানুহ দেখা পাও অফিচাৰ, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। প্ৰশাসনিক সেৱা বা Civil or Allied Service ৰ বিষয়ে আমি জানো আৰু গম পাও, ঠিক তেনেদৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ কথাও জানো। কেনেকৈ পৰীক্ষা দিব লাগে, কিমান দৰমহা ইত্যাদি সেই বিষয়বোৰ ৰাজহুৱা।

সময়বোৰ লাহে লাহে সলনি হ’ল। Minimum Government আৰু Maximum Governance ধাৰণাটোৰ বাবে ভাৰতীয় প্ৰশাসনীয় ব্যৱস্থাটো সলনি হ’ল। চৰকাৰতো নতুন ধৰণৰ মানুহৰ প্ৰয়োজন হ’ল যিয়ে নতুন প্ৰযুক্তি অথবা, উদ্ভাৱনী অথবা ডাঙৰ প্ৰকল্প ৰূপায়ণ কৰিব পাৰে। Open Market ৰ পৰা মানুহ চৰকাৰলৈ আনিব ধৰিলে। অপেন মাৰ্কেট মানে যাৰ বিভিন্ন বিষয়ত দখল আছে বা ভিন ভিন ঠাইত কাম কৰি আছে, কোনোবাই হয়তো NGO ত কোনোবাই প্ৰাইভেট কোম্পেনীত বা কোনোবাই চৰকাৰত। Generalized ৰ পৰা Specialized মানুহৰ প্ৰয়োজন হ’ল।

যিহেতু Open Market ৰ পৰা মানুহ অনা হয় সকলোৰে দৰমহা বেলেগ বেলেগ হ’ব পাৰে। একেটা পোস্তত চাকৰি কৰিলেও বা একেদিনাই জইন কৰিলেও ইয়াতে দৰমহা বেলেগ বেলেগ হয় আৰু দৰমহা বিষয়টো সম্পুৰ্ণ গোপনীয়, কোনেও কাৰো দৰমহা নাজানে। কেতিয়াবা দৰমহাৰ বাবে দৰদাম কৰিব লাগে। মই য’ত চাকৰি কৰি আছো তাৰ কাণ্ট্ৰীহেড বা CEO জন IAS অফিচাৰ আৰু বাকী চব অপেন মাৰ্কেটৰ পৰা অহা। IAS অফিচাৰজনতকৈ হয়তো কোনোবা জুনিয়ৰ এজনৰ দৰমহা বহুত বেছি হ’ব পাৰে যদি তেওৰ ডিমাণ্ড বেছি আৰু বাস্তৱত সেয়াই হয়। অৱশ্যে আপুনি যদি বিচৰা ধৰণে কাম কৰিব পৰা নাই তেতিয়া আপোনাক আৰু দৰমহা দি ৰাখি নাথাকে আপোনাৰ বিদায় আসন্ন। এইবোৰ চাকৰিত SC/ST/OBC বুলি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা নাই।

পশ্চিমীয়া দেশসমূহত এই ব্যৱস্থাটো পুৰণি আৰু আমাৰ দেশত তুলনামূলকভাৱে নতুন। কেৰিয়াৰ প্ৰত্যাশী ল’ৰা-ছোৱালীবোৰৰ বাবে কৈছো, যদি চৰকাৰী চাকৰি কৰিবৰ ইচ্ছা আছে কিন্তু UPSC বা APSC দিবৰ মন নাই তেন্তে এনেকুৱা ধৰণৰ কেৰিয়াৰ বাচি ল’ব পাৰে।

Related Posts

ছহিদ গংগা কলিতা

আজি এগৰাকী এনেকুৱা বীৰ ছহিদৰ কথাকে ক’ব বিচাৰিছোঁ। ছহিদ গংগা কলিতা, যিয়ে অসম আন্দোলনত জাতিৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিলে। কামৰূপ জিলাৰ ছমৰীয়া সত্ৰ গাঁ‌ৱৰ স্বৰ্গীয় তাৰানাথ…

Be the Master of Technology, Not the Slave of it

“Be the Master of Technology, Not the Slave of it” এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ম’বাইল ফোন, ইণ্টাৰনেট আদিক বাদ দি আমি জীৱন আগুৱাই নিয়াৰ কথা আজি ভাৱিব নোৱাৰো।…

সকলোতকৈ ডাঙৰ কোন!

মই যেতিয়া প্ৰথমটো চাকৰি কৰিছিলো ইনফ’চিচ কোম্পেনীত, তেতিয়া দেখিছিলো কোম্পেনীৰ ভাইচ প্ৰেছিডেণ্ট বা কাণ্ট্ৰী-হেডবোৰক। এনে অনুভৱ হৈছিল তেওলোকেই পৃথিৱীৰ শক্তিশালী মানুহবোৰ, চাৰিওকাষে তেওলোকৰ ধেৰ ফল’ৱাৰ। মনত জাগিল…

বৃত্তটোৰ বাহিৰলৈ ওলাই অনুভৱ কৰিলো মইটো ক্ষুদ্ৰ ধূলিকণা মাত্ৰ

এলপি স্কুলত পঢ়ি থাকোতে মোৰ ৰোল নম্বৰ এক আছিল। যেতিয়া হাইস্কুলত উঠিলো বিভিন্ন এলপি স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিল, মোৰ ৰোল নম্বৰ তিনি হ’ল আৰু ক্লাছ চিক্সৰ পৰা…

অংগনৱাডী আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকসকলৰ স্থান বিশ্ববিদ্যালয়তকৈও ওপৰত

মোৰ ডাঙৰ ল’ৰাটোৰ বয়স ৫ বছৰ, সি এতিয়া আমাৰ গাৱঁৰ অংগনবাডী কেন্দ্ৰত শিক্ষাগ্ৰহন কৰি আছে। অ, আ, ক, খ, ১,২ লিখিব পৰা হৈছে, তেনেকৈ A,B,C,D ও লিখিব…

প্ৰতিভা আৰু সামৰ্থ্য চিনি কেৰিয়াৰ আৰু জীৱনৰ পৰিকল্পনা কৰিব লাগে

ভাৰতবৰ্ষৰ প্ৰায় ১৫-২০% লোকে চাকৰি কৰে, ১০-১৫% লোকে ব্যৱসায়ী (businessman) বা উদ্যমী আৰু ৫০-৬০% লোকে স্বনিয়োজিত (self employeed)। ইণ্টাৰনেটৰ পৰা উপলব্ধ এই তথ্য সামান্য ইফাল সিফাল হ’ব…