কলকেৰি সংগীত বিদ্যালয়: কৰ্নাটকৰ ধাৰৱাৰ জিলাৰ এখন ভিতৰুৱা গাওঁত অৱস্থিত এইখন সংগীত বিদ্যালয় এখন অগতানুগতিক বিদ্যালয় । সূদুৰ কানাডাৰ পৰা আহি ভাৰতীয় সংগীত ভালপোৱা এহাল দম্পত্তীয়ে স্থাপন কৰা এইখন বিদ্যালয় সম্পূৰ্ণ আৱাসিক । সংগীতক শিক্ষাৰ এক অভিন্ন অং হিচাপে লৈ শৈশৱৰ পৰাই ছাত্ৰ-ছাত্ৰী সকলক সংগীতৰ শিক্ষা দিয়া হয়, বিশেষকৈ লোকসংগীত, লোকনৃত্য আৰু লোকবাদ্য । আৰ্থিক ভাৱে অতি পিছপৰা এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক সংগীতৰ লগতে জীৱনৰ শিক্ষা দিয়া হয় । তাতে থকা প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি সকলো কাম নিজেই কৰে । সম্পূৰ্ণ বিনামূলীয়া এইখন বিদ্যালয়ৰ শিক্ষাগ্ৰহন তথা থকা-খোৱা ইত্যাদি । কিন্তু কেনেকৈ পুজি সংৰহ কৰে সেয়া লক্ষণীয় । এইখন বিদ্যালয়ত শিক্ষাদান কৰিবলৈ বহু অতিথি শিক্ষক আহে, তেওঁলোকে গৱেষনা কৰে, তাতে পইচা দি থাকে আৰু ছাত্ৰ-ছাত্ৰীক পঢ়াই । সৌৰ শক্তিৰে চালিত এইখন বিদ্যালয়ৰ প্ৰায়বোৰ কাম । খোৱা-বোৱাৰ বাবে প্ৰয়োজনীয় শাক-পাচলি ছাত্ৰ-ছাত্ৰীয়ে নিজেই উৎপাদন কৰে । এতিয়া বহু দাতব্য সংস্থাই বৰঙণি আগবঢ়াই আৰু বহু দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে ই এক আশাৰ অনুষ্ঠান ।
Related Posts
পুহৰ শীততকৈ জেঠমহীয়া ৰ’দ ভাল লাগে মোৰ, বৰষুণ আহে প্ৰতিশ্ৰুতি লৈ, ফুলে গোলাপৰ ফুল, দীঘল দিনে এলাহ খেদে, বাজে জীৱনৰ কল্লোল।
আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।
আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।