ভাৰতবৰ্ষৰ ৯ খন ৰাজ্য আৰু ২ খন কেন্দ্ৰীয় শাষিত অঞ্চলে সাগৰীয় উপকূলত অৱস্থিত; আৰু ২ খন কেন্দ্ৰীয় শাষিত অঞ্চল সাগৰৰ মাজত অৱস্থিত । আৰৱ সাগৰৰ উপকূলত থকা ৰাজ্য কেইখন হ’ল গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কৰ্নাটক আৰু কেৰেলা ; ঠিক তেনেদৰে বঙ্গোপ সাগৰৰ উপকূলত অৱস্থিত ৰাজ্য কেইখন হ’ল পশ্চিম বংগ, উৰিষ্যা আৰু অন্ধ্ৰ-প্ৰদেশ । তামিলনাডু এনে এখন ৰাজ্য যিয়ে আৰৱ সাগৰ, বঙ্গোপ সাগৰ আৰু ভাৰত মহাসাগৰ চুই আছে । পূৱত বঙ্গোপ সাগৰ, দক্ষিণত ভাৰত মহাসাগৰ আৰু পশ্চিমত আৰৱ সাগৰ । তামিলনাডুৰ কন্যাকুমাৰীত ইয়াৰ মিলন ঘটিছে । তেনেদৰে পুডুচেৰী বঙ্গোপ সাগৰৰ উপকূলত আৰু ডমন আৰু ডিউ আৰৱ সাগৰৰ উপকূলত অৱস্থিত কেন্দ্ৰীয় শাষিত অঞ্চল । আনহাতে আন্দামান নিকোবৰ দ্বীপ বঙ্গোপ সাগৰত আৰু লাক্ষাদ্বীপ আৰৱ সাগৰৰ মাজত অৱস্থিত ।
Related Posts
পুহৰ শীততকৈ জেঠমহীয়া ৰ’দ ভাল লাগে মোৰ, বৰষুণ আহে প্ৰতিশ্ৰুতি লৈ, ফুলে গোলাপৰ ফুল, দীঘল দিনে এলাহ খেদে, বাজে জীৱনৰ কল্লোল।
আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।
আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।