হলিউড, বলিউদ, জলিউড ইত্যাদি: হলিউড বুলি কলে আমাৰ মনলৈ ইংৰাজী চিনেমাৰ কথা আহে । আমেৰিকাৰ কেলিফৰ্ণিয়াৰ লছ-এঞ্জেলেছৰ ওচৰত অৱস্থিত এখন ঠাই য’ত আমেৰিকাৰ অধিকাংশ বিখ্যাত ফিল্ম ষ্টূদিওঁ আছে, ইংৰাজী চিনেমাৰ ঘৰ বুলি কব পাৰি এইখন ঠাইক; হলিউড নামৰ এই ঠাইখনৰ পৰাই ইংৰাজী চিনেমা হলিউড বুলি পৰিচিত হৈ পৰে । তেনেকে বোম্বাই ( এতিয়াৰ মুম্বাই) আৰু হলিউডৰ সংযোগ ঘটাই ভাৰতৰ হিন্দি চিনেমাক বলিউড হিচাপে জনাজাত । অসমৰ জ্যৌতিপ্ৰসাদ আগৰৱালাই আৰম্ভ কৰা অসমীয়া চিনেমাক জ্যৌতি চিত্ৰবন আৰু হলিউড শব্দটো জোৰা লগাই জলিউড হিচাপে জনা যায় । তেনেকৈ বঙালী চিনেমাক টালিগঞ্জ আৰু হলিউডৰ সংযোগেৰে টলিউড, তামিল চিনেমাক চেন্নাইৰ ওচৰৰ কোডামবাক্কাম (য’ত অধিকাংশ ফিল্ম ষ্টূদিওঁ আছে) আৰু হলিউড লগ লগাই কলিউড হিচাপে নাম লয় ।

Related Posts

পুহৰ শীততকৈ জেঠমহীয়া ৰ’দ ভাল লাগে মোৰ, বৰষুণ আহে প্ৰতিশ্ৰুতি লৈ, ফুলে গোলাপৰ ফুল, দীঘল দিনে এলাহ খেদে, বাজে জীৱনৰ কল্লোল।

আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।

আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।

স্মাৰ্টফোনত ধৰ্ষিত হয় নিশাৰ বাংময়ী কবিতা, শেলুৱৈ ধৰা স্মৃতিৰ কাৰেঙত সান্ধ্য ভ্ৰমনৰ বিলাসিতা ।

স্মাৰ্টফোনত ধৰ্ষিত হয় নিশাৰ বাংময়ী কবিতা, শেলুৱৈ ধৰা স্মৃতিৰ কাৰেঙত সান্ধ্য ভ্ৰমনৰ বিলাসিতা ।

বসন্তৰ ৰাগীত মাতাল জীৱকুল গুনগুনাই সেউজীয়া গান, বৰষুণৰ পানী জীৱনদায়িনী প্ৰকৃতিৰ অমিয়া দান ।

Leave a Reply

Your email address will not be published. Required fields are marked *