ফ্লিপকাৰ্টৰ কাহিনী

ভাৰতবৰ্ষৰ যুৱ উদ্যমীৰ বা ইয়ং এনট্ৰাপ্ৰিনাৰ বুলি কলে মনলৈ অহা এটা নাম হৈছে শচীন বাঞ্চাল । ফ্লিপকাৰ্ট নামৰ ই-কমাৰ্চ প্ৰতিস্থানটোৰ সহ: প্ৰতিস্থাপক এইগৰাকী যুৱকে মাত্ৰ ২৬ বছৰ বয়সতে বিন্নি বাঞ্চালৰ লগত লগ হৈ আৰম্ভ কৰিছিল ফ্লিপকাৰ্ট নামৰ কোম্পেনীটো । আই আই টি ৰ স্নাতক ডিগ্ৰীধাৰী এই দুই যুৱকে এমাজ’ন ত প্ৰথমে চাকৰি কৰিছিল । পিছত নিজাকৈ আৰম্ভ কৰে অনলাইন ব্যৱসায় । এটা সাধাৰণ ৰূমত বহি অনলাইন কিতাপৰ বিক্ৰী আৰম্ভ কৰা এই কোম্পেনীয়ে এতিয়া প্ৰায় ৪৩ হাজাৰ কৌটি টকাৰ ব্যৱসায়ী কৰিব সক্ষম হৈছে আৰু তেওঁলোকৰ প্ৰায় ৩০,০০০ কৰ্মচাৰী আছে । ২০১৮ চনত আমেৰিকাৰ ৱালমাৰ্ট কোম্পেনীক প্ৰায় ১৬ বিলিয়ন ডলাৰ মূল্যৰ বিনিময়ত ৭৭% ষ্টক বিক্ৰি কৰিছে । অতি কম বয়সতে নিজৰ ইচ্ছা আৰু একাগ্ৰতাৰে বিলিয়নাৰ হোৱাৰ সোভাগ্য অৰ্জন কৰা শচীন বাঞ্চাল বহুতৰে বাবে প্ৰেৰণা ।

Related Posts

পুহৰ শীততকৈ জেঠমহীয়া ৰ’দ ভাল লাগে মোৰ, বৰষুণ আহে প্ৰতিশ্ৰুতি লৈ, ফুলে গোলাপৰ ফুল, দীঘল দিনে এলাহ খেদে, বাজে জীৱনৰ কল্লোল।

আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।

আশা আছে বাবেই- জীৱন আছে, আশা আছে বাবেই- আমি আছো, আবেলিৰ বেলিক পশ্চিমলৈ ঠেলি- জীৱন যাপন নহয়- উদযাপন কাৰিছো ।

স্মাৰ্টফোনত ধৰ্ষিত হয় নিশাৰ বাংময়ী কবিতা, শেলুৱৈ ধৰা স্মৃতিৰ কাৰেঙত সান্ধ্য ভ্ৰমনৰ বিলাসিতা ।

স্মাৰ্টফোনত ধৰ্ষিত হয় নিশাৰ বাংময়ী কবিতা, শেলুৱৈ ধৰা স্মৃতিৰ কাৰেঙত সান্ধ্য ভ্ৰমনৰ বিলাসিতা ।

বসন্তৰ ৰাগীত মাতাল জীৱকুল গুনগুনাই সেউজীয়া গান, বৰষুণৰ পানী জীৱনদায়িনী প্ৰকৃতিৰ অমিয়া দান ।

Leave a Reply

Your email address will not be published. Required fields are marked *