আপুনি জানেনে আপোনাৰ ব্যক্তিত্ব (Personality Trait) কি

আপুনি জানেনে আপোনাৰ বা আপোনাৰ ল’ৰা বা ছোৱালীজনীৰ ব্যক্তিত্ব (Personality Trait) কি ধৰণৰ অথবা সিহতৰ শক্তি (strength) আৰু দুৰ্বলতাবোৰ (weakness) কি! সাধাৰণভাৱে মানুহৰ ব্যক্তিত্বক চাৰিটা ভাগত ভগাইছে ১) ঈগল চৰাইৰ দৰে (Dominant) ২) ফেঁচাৰ দৰে (Compliant), ৩) মৰা চৰাইৰ দৰে (Influential) আৰু ৪) কপৌ চৰাইৰ দৰে (Steady) । জন্মগতভাৱে লাভ কৰা বৈশিষ্টসমূহ কেৱল বুজিবৰ সুবিধাৰ বাবে বিজ্ঞানীসকলে চাৰিবিধ চৰাইৰ নামেৰে নামাকৰণ কৰিছে।
ঈগল (Dominant): এনেকুৱা ব্যক্তিত্বৰ ল’ৰা বা ছোৱালীবোৰ সাধাৰণতে দৃঢ়মনা হয় আৰু লক্ষ্য এটা ঠিক কৰি দিলে লক্ষ্যত উপনীত হ’বলৈ যৎপৰোনাস্তি চেষ্টা কৰে। এনেকুৱা ল’ৰা-ছোৱালীবোৰে সাধাৰণতে ডাঙৰ সপোন দেখিব পাৰে আৰু সপোনক যিকোনো প্ৰকাৰে বাস্তব ৰূপ দিয়াৰ চেষ্টা কৰে। অলপ ব্যক্তিকেন্দ্ৰিক হয় আৰু নিজৰ লক্ষ্য বা কেৰিয়াৰৰ স্বাৰ্থত মানুহৰ লগত সম্পৰ্ক বা সম্বন্ধ বেয়া কৰিবলৈও চিন্তা নকৰে। এওঁলোকে সদায় জিকিব বিচাৰে আৰু নেতৃত্ব লোৱাৰ দক্ষতা থাকে, কিন্তু ধৈৰ্যশক্তি সাধাৰণতে কম হয় এওঁলোকৰ। স্বাধীনভাৱে কাম কৰি ভাল পাই আৰু বেলেগ মানুহে বেছি হস্তক্ষেপ কৰিলে ভাল নাপায়, কিন্তু এওঁলোকৰ অগতানুগতিক কাম কৰাৰ সামৰ্থতা থাকে।
ফেঁচা (Compliant): এনেধৰণৰ ব্যক্তিত্বৰ ল’ৰা-ছোৱালীবোৰ সাধাৰণতে জ্ঞানপ্ৰত্যাশী হয়। যিকোনো কাম কৰিলে নিখুতভাৱে (Perfection) কৰিব চেষ্টা কৰে। গুনগত কাম কৰি ভাল পোৱা এনেকুৱা ধৰণৰ ব্যক্তিত্বৰ মানুহবোৰ নিয়মত চলি ভাল পায়। গ্ৰুপত কাম কৰি ভাল পায় যদিওঁ তেওঁলোকে বিচাৰে গ্ৰুপৰ সকলোৱে নিখুত কাম কৰক। কথা বহুত বেছি নকয় কিন্তু মনে মনে সকলোবোৰ কথা লক্ষ্য কৰি থাকে। কামবোৰ নিখুত যদিও, কাম কৰোতে সময়ৰ কথা বেছি নাভাৱে।
মৰা চৰাই (Influencial): এনেকুৱা ধৰণৰ ব্যক্তিত্বৰ ল’ৰা-ছোৱালীবোৰ জাকত জিলিকি থাকি ভাল পায়। জনপ্ৰিয়তাৰ পিছে পিছে দৌৰি ভাল পায় আৰু সদায় আকৰ্ষণৰ কেন্দ্ৰবিন্দু (Attention Seeker) হ’ব বিচাৰে। মনৰ শক্তি প্ৰচুৰ হয় যদিওঁ কেতিয়াবা জনপ্ৰিয়তা হেৰুৱাব বুলি মনত এটা ভয়ো লৈ ফুৰে। মানুহৰ লগত থাকি ভাল পায়, সকলোতে মন্তব্য আগবঢ়াব বিচাৰে, আনকি কেতিয়াবা বিশদ নজনাকৈয়ে মন্তব্য আগবঢ়াব বিচাৰে। এনেকুৱা ব্যক্তিত্বৰ মানুহক বা ল’ৰা-ছোৱালীক যদি ভালদৰে প্ৰশিক্ষিত কৰিব পৰা যায় যিকোনো বিষয়ত এওঁলোকে সহজে আগস্থান দখল কৰি ল’ব পাৰে। এওঁলোকে সোনকালে দুখত ভাগি পৰে কাৰণ বিবেকতকৈ আৱেগক বেছি প্ৰাধান্য দিয়ে।
কপৌ (Steady): মানুহৰ লগত মিলি থাকি সহজ সৰল জীৱন ভালপোৱা ব্যক্তিত্ব এয়া। নিজতকৈ আনৰ কথা বেছি গুৰুত্ব দিয়া প্ৰকৃতিৰ মানুহ এওঁলোক। এওঁলোকে Comfort Zone ত থাকি সাধাৰণতে বেছি ভাল পায়। কোনোবাই আগুৱাই দিলে বা সাহস দিলে ভাল কাম কৰাৰ সক্ষমতা থাকে কিন্তু নিজে আগবাঢ়ি নাহে আৰু গতানুগতিক জীৱনশৈলি ভাল পায়। ‘মানুহে কি ভাৱিব’ কথাবোৰত বেছি গুৰুত্ব দিয়ে আৰু নিজৰ কথা নাভাৱি আনক সহায় কৰে। মানুহৰ লগত সহজে মিলিব পাৰে বাবে এওঁলোক বহুত বিশ্বাসযোগ্য হয় আৰু সকলোৱে নিজৰ টীমত ৰাখিব বিচাৰে। এওঁলোকে সাধাৰণতে ৰিক্স লবলৈ টান পাই আৰু না ক’বলৈ টান পায়।
এজন মানুহৰ আকৌ দুটা ব্যক্তিত্ব থাকিব পাৰে Primary আৰু Secondary, যদিওঁ অধিকাংশ লোকৰে Primary আৰু Secondary ব্যক্তিত্ব একেই বহুতৰে আকৌ দুইটা ব্যক্তিত্ব বেলেগ বেলেগ। কিছুমান মনুহ বা ল’ৰা-ছোৱালিযে ঘৰত এটা ব্যক্তিত্ব আৰু বাহিৰত আন এটা ব্যক্তিত্ব পৰিলক্ষিত হয়। ব্যক্তিত্ব সলনি নহয়, কিন্তু আপুনি যদি আপোনাৰ Strength আৰু Weakness সমূহ জানি ল’ব পাৰে তেতিয়া নিজকে প্ৰস্তুত কৰি ৰাখিব পাৰে যাতে ভুল নহয়। যিসকল ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে তেওঁলোকে নিজৰ বিষয়ে জানি ল’ব পাৰে অথবা যিসকল ল’ৰা-ছোৱালীয়ে বিয়াৰ প্ৰস্তুতি চলাই আছে তেওঁলোকে নিজৰ লগতে হ’বলগীয়া পত্নী বা স্বামীৰ ব্যক্তিত্ব জানি ল’ব পাৰে। আজিকালি DMIT ৰ জৰিয়তে ফিংগাৰ প্ৰিণ্টৰ সহায়ত বিজ্ঞানসন্মতভাৱে ব্যক্তিত্ব জানি লব পাৰি, কোনোবাই বিশদভাৱে জানিব বিচাৰিলে কেতিয়াবা ভালদৰে কথা পাতিম বাৰু।

Related Posts

প্ৰতিযোগিতাৰ পৃথিৱীত নম্বৰ আৰু জ্ঞান দুইটাই গুৰুত্বপূৰ্ণ

পৰীক্ষাত ল’ৰা বা ছোৱালী এগৰাকীয়ে ১০০ ৰ ভিতৰত ১০০ নম্বৰ পোৱা মানে আমি কি বুজো! মই যিমান দূৰ বুজি পাওঁ- ১০০ ৰ ভিতৰত যদি ১০০ নম্বৰ পাইছে…

যিয়ে জীৱনত কামৰ Priority দিব জানে, তেওঁলোকে  সহজে সফলতা লাভ কৰে

সিদিনাখন এটা ইংৰাজী প্ৰৱন্ধ পঢ়িছিলো, য’ত লিখকে লিখিছে যিয়ে জীৱনত কামৰ Priority বা ক’ত অগ্ৰাধিকাৰ দিব লাগিব সেয়া জানে, তেওঁলোকে  সহজে সফলতা লাভ কৰে। বহু সময়ত কঠোৰ…

ছাত্ৰ-ছাত্ৰীয়ে কিয় কৰে আত্মহত্যা- ৰোধ কেনেকৈ কৰিম

কিছুদিন আগতে ময়ুৰ কৃষ্ণ গোস্বামী নামৰ DPS গুৱাহাটীৰ ছাত্ৰজনে আত্মহত্যা কৰিলে। বাতৰি কাকত যদি নিয়মীয়াকৈ পঢ়ি আছে তেতিয়াহ’লে গম পাব, যোৱা এটা বছৰত ৰাজস্থানৰ কোটাত মেডিকেল-ইঞ্জিনীয়াৰিঙৰ কোচিং…

মৃত্যুক যদি ওচৰৰ পৰা দেখা নাই, তেতিয়াহ’লে জীৱনৰ মজা পোৱা নাই

প্ৰায় ১৭ দিন উত্তৰাখণ্ডৰ পাহাৰৰ গৰ্ভত সোমাই চিল্কায়াৰা টানেলত আৱদ্ধ হৈ থাকি জীৱন-মৃত্যুৰ সতে যুজি যেতিয়া ৪১ গৰাকী লোক যোৱাকালি হাঁহিমুখে ওলাই আহি মুকলি আকাশ দেখা পাইছিল-…

চাকৰিৰ অভাৱ নাই, চাকৰি কৰা মানুহহে নাই

কেইবছৰমান আগতে এয়াৰ ফোৰ্চৰ ‘ফ্লায়িং অ’ফিছাৰ’ পোষ্টত ইণ্টাৰভিউ দিব গৈছিলো, শেষৰ ৰাউণ্ডলৈ আমি ১০ জন মান আছিলো আৰু প’ষ্ট আছিল ১৫ টা মান, শেষত আমি এজনো চিলেক্ট…

দামী কোচিং চেণ্টাৰতকৈ দামী সপোন বেছি দৰকাৰী

There is no short cut way to success. মেডিকেল প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ সকলোকে মোৰ হিয়াভৰা ওলগ। যিয়ে ভালদৰে দৃঢ়মনা হৈ পঢ়িছে, সকালোৱে সফল হৈছে। ইচ্ছা থাকিলেই নহ’ব,…