যিয়ে জীৱনত কামৰ Priority দিব জানে, তেওঁলোকে  সহজে সফলতা লাভ কৰে

সিদিনাখন এটা ইংৰাজী প্ৰৱন্ধ পঢ়িছিলো, য’ত লিখকে লিখিছে যিয়ে জীৱনত কামৰ Priority বা ক’ত অগ্ৰাধিকাৰ দিব লাগিব সেয়া জানে, তেওঁলোকে  সহজে সফলতা লাভ কৰে। বহু সময়ত কঠোৰ পৰিশ্ৰম কৰিও হয়তো আমি কেতিয়াবা সফল নহও, ইয়াৰ এটা কাৰণ আমি কোনটো কাম অগ্ৰাধিকাৰ ভিত্তিত কৰিব লাগে সেয়া নাজানো বা বুজি নাপাওঁ। কৰ্মক্ষেত্ৰতেই হওক অথবা জীৱনৰ ক্ষেত্ৰতে হওক, যদি আপুনি Priority Set কৰিব জানিছে তেন্তে আপুনি স্মাৰ্ট (Smart)। অৱশ্যে প্ৰায়’ৰিটি নিৰূপণ কৰা ইমান সহজ নহয়। ধৰি লওক, আপুনি প্ৰেমৰ সম্পৰ্কত আছে আৰু বিয়াৰ বয়স হৈছে কিন্তু আপুনি আপুনি কোম্পেনীৰ চাকৰি বাদ দি এতিয়াও অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে। বিয়াখন ফাৰ্ষ্ট প্ৰায়’ৰিটি নে কেৰিয়াৰ! একেলগে আপুনি চৰকাৰী  চাকৰি আৰু উচ্চ শিক্ষাৰ বাবে স্কলাৰশ্বীপ পাইছে, কোনটো বাচি ল’ব। বহুবছৰৰ পিছত আপোনালোক কলেজীয়া বন্ধু-বান্ধৱীবোৰ একেলগ হোৱাৰ পৰিকল্পনা কৰিছে, সিদিনাই আপোনাক আপোনাৰ বচে প্ৰথমবাৰৰ  এঠাইত যাবৰ বাবে  লগ ধৰিছে। অলপ যদি এক্সট্ৰা কাম কৰো পইচা বেছি পাও, পিছে ল’ৰা-ছোৱালীক সময় কম দিবলগীয়া হয়।

         আমাৰ জীৱনত একেসময়তে বহুত কাম আহে বা দুইটা একেসময়তে কৰিব নোৱাৰা কাম আপোনাৰ সন্মুখত আহি পৰে। মোৰ কেতিয়াবা এনেকুৱা হয়, আগতে কোনোবা এটা অনুষ্ঠানত উপস্থিত থাকিম বুলি কথা দিছো, তাৰে কিছুদিন পিছত বহুত ডাঙৰ অনুষ্ঠান এটাৰ পৰা আপোনাক নিমণ্ট্ৰন জনাইছে। দিনটোত কোনো ব্যস্ততা নাছিলেই, ফোনটোও এবাৰো বজাই নাই, ঠিক দিনটোৰ শেষত মানুহজনীয়ে কথা পাতিম বুলি ফোন কৰিব, সেই সময়তে কোনোবা ছাত্ৰ বা অভিভাৱকে ফোন কৰিব বা কেতিয়াবা ওলোটাতো।

এইবোৰ প্ৰশ্নৰ চাগে পোনপটীয়া উত্তৰ নাথাকে, কিন্তু সঠিক ভাৱে আপুনি যদি প্ৰায়’ৰিটি ঠিক কৰি ল’ব পাৰে পিছত কেতিয়াও অনুতপ্ত হ’বলগীয়া নহয় সফলতা মসৃণ হয়। যিয়ে অনুতাপ কৰিবলৈ একো নাথাকে আৰু যাৰ সফলতা মসৃণ সিয়েই সুখী মানুহ।

Related Posts

ছাত্ৰ-ছাত্ৰীয়ে কিয় কৰে আত্মহত্যা- ৰোধ কেনেকৈ কৰিম

কিছুদিন আগতে ময়ুৰ কৃষ্ণ গোস্বামী নামৰ DPS গুৱাহাটীৰ ছাত্ৰজনে আত্মহত্যা কৰিলে। বাতৰি কাকত যদি নিয়মীয়াকৈ পঢ়ি আছে তেতিয়াহ’লে গম পাব, যোৱা এটা বছৰত ৰাজস্থানৰ কোটাত মেডিকেল-ইঞ্জিনীয়াৰিঙৰ কোচিং…

মৃত্যুক যদি ওচৰৰ পৰা দেখা নাই, তেতিয়াহ’লে জীৱনৰ মজা পোৱা নাই

প্ৰায় ১৭ দিন উত্তৰাখণ্ডৰ পাহাৰৰ গৰ্ভত সোমাই চিল্কায়াৰা টানেলত আৱদ্ধ হৈ থাকি জীৱন-মৃত্যুৰ সতে যুজি যেতিয়া ৪১ গৰাকী লোক যোৱাকালি হাঁহিমুখে ওলাই আহি মুকলি আকাশ দেখা পাইছিল-…

চাকৰিৰ অভাৱ নাই, চাকৰি কৰা মানুহহে নাই

কেইবছৰমান আগতে এয়াৰ ফোৰ্চৰ ‘ফ্লায়িং অ’ফিছাৰ’ পোষ্টত ইণ্টাৰভিউ দিব গৈছিলো, শেষৰ ৰাউণ্ডলৈ আমি ১০ জন মান আছিলো আৰু প’ষ্ট আছিল ১৫ টা মান, শেষত আমি এজনো চিলেক্ট…

আপুনি জানেনে আপোনাৰ ব্যক্তিত্ব (Personality Trait) কি

আপুনি জানেনে আপোনাৰ বা আপোনাৰ ল’ৰা বা ছোৱালীজনীৰ ব্যক্তিত্ব (Personality Trait) কি ধৰণৰ অথবা সিহতৰ শক্তি (strength) আৰু দুৰ্বলতাবোৰ (weakness) কি! সাধাৰণভাৱে মানুহৰ ব্যক্তিত্বক চাৰিটা ভাগত ভগাইছে…

দামী কোচিং চেণ্টাৰতকৈ দামী সপোন বেছি দৰকাৰী

There is no short cut way to success. মেডিকেল প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ সকলোকে মোৰ হিয়াভৰা ওলগ। যিয়ে ভালদৰে দৃঢ়মনা হৈ পঢ়িছে, সকালোৱে সফল হৈছে। ইচ্ছা থাকিলেই নহ’ব,…

পৰিৱেশ ভাল হ’লে ল’ৰা-ছোৱালীবোৰে আকাশ চুব

দুদিন মান আগতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে, কিছুমানে ভাল ৰিজাল্ট কৰিলে আৰু কিছুমানে ভাল ৰিজাল্ট কৰিব নোৱাৰিলে। দুদিন পিছত আকৌ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিব আৰু গতানুগতিকভাৱেই…