ছাত্ৰ-ছাত্ৰীয়ে কিয় কৰে আত্মহত্যা- ৰোধ কেনেকৈ কৰিম

কিছুদিন আগতে ময়ুৰ কৃষ্ণ গোস্বামী নামৰ DPS গুৱাহাটীৰ ছাত্ৰজনে আত্মহত্যা কৰিলে। বাতৰি কাকত যদি নিয়মীয়াকৈ পঢ়ি আছে তেতিয়াহ’লে গম পাব, যোৱা এটা বছৰত ৰাজস্থানৰ কোটাত মেডিকেল-ইঞ্জিনীয়াৰিঙৰ কোচিং কৰিব যোৱা প্ৰায় ২৫-৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাচি লৈছে। আই আই টিতো হৈছে এনেকুৱা ঘটনা। সফলতাৰ কাহিনীবোৰ জানিলেই নহ’ব তাৰ লাখ লাখ অসফল কাহিনীবোৰো আমি জানিব লাগিব।

ভুল ক’ত হৈছে বা ভুল কোনে কৰিছে! আমি বিশ্লেষণ কৰিবৰ হ’ল।

আমি অভিভাৱকবোৰে নিজে পূৰণ কৰিব নোৱাৰা ইচ্ছা বা সপোনবোৰ আমাৰ ল’ৰা-ছোৱালীৰ ওপৰত জাপি দিছো নেকি! অথবা ল’ৰা বা ছোৱালীজনীৰ ইচ্ছাৰ বিৰুদ্ধে গৈ সমাজত ষ্টেটাছ মিলাবলৈ ল’ৰা বা ছোৱালীকজনীক বলিৰ পঠা সজাইছো নেকি! এয়া আজিৰ তাৰিখত লাখটকীয়া প্ৰশ্ন। অভিজ্ঞতা আৰু অধ্যয়নৰ ওপৰত ভিত্তি কৰি দুটামান কথা শ্বেয়াৰ কৰিব বিচাৰিছো।

১) এয়া প্ৰতিযোগীতাৰ পৃথিৱী। ১০০ ৰ ভিতৰত ১০০ পাবৰ বাবে যিদৰে আমি বাবে উৎসাহিত কৰিব লাগিব, সেইদৰে এইটোও আমি শিকাব লাগিবযে প্ৰতিযোগীতাত হৰা-জিকা থাকেই। Hope for the Best and Prepare for the Worst. সকলোতকৈ ভাল ৰিজাল্ট কৰিম বুলি চেষ্টা কৰিব লাগে আৰু ৰিজাল্ট ভাল ন’হলে কি কৰিম বুলিও সাজু থাকিব লাগে।

২) ল’ৰা বা ছোৱালীজনীয়ে কিমান দূৰ যাব পাৰিব বা কিমান বোজা অথবা চাপ ল’ব পাৰিব সেয়া বুজি পাব লাগিব। বহু ল’ৰা-ছোৱালীয়ে মুখ খুলি একো নকয়, কিন্তু ভিতৰত দুখ এটা কঢ়িয়াই লৈ ফুৰে সেয়া বাপেক-মাকে বুজি পালে ভাল। সকলোৰে কেপাচিটি সমান নহয়।

৩) টেন-টুৱেলভত পঢ়ি থকা ল’ৰা-ছোৱালীবোৰে লাহে লাহে প্ৰেম-ৰোমান্স আদিৰ প্ৰতিও আকৰ্ষিত হ’ব ধৰে আৰু বহুতেই এই বয়সত তাক সঠিক ভাৱে হেণ্ডেল কৰিব নোৱাৰে। প্ৰেম আৰু আকৰ্ষণৰ প্ৰভেদ ধৰিব নোৱাৰি বহুতেই ভুল কৰি পেলাই। অলপ নজৰ ৰাখি বন্ধুভাৱে কথহ পাতিব লাগিব।

৪) মাক-বাপেকককে ধৰি পৰিয়ালৰ লগত সম্পৰ্ক শক্তিশালী হোৱাটো বহুত জৰুৰী। ইমোশ্যোনেল বোণ্ডিং (Emotional Bonding) যদি কমি যায় ল’ৰা বা ছোৱালীজনীয়ে ক’ব নোৱাৰাকৈয়ে অকলশৰীয়া অনুভ কৰিব ধৰে। ভাল কাপোৰ-ভাল কোচিং চেণ্টাৰত এডমিশ্যন দিলেই অভিভাৱকৰ কাম শেষ হৈ নাযায়। আপুনি ফিজিক্স-কেমিষ্ট্ৰি পঢ়াব নালাগে কিন্তু, বিষয়টো বুজি পাইছেনে নাই সেই খবৰটো ল’ব পাৰে।

৫) বিশ্বাসী বন্ধু থাকিব লাগে, যাক সকলো কথা খুলি ক’ব পাৰে দ্বিধাহীন ভাৱে। বন্ধুজন সমবয়সীয়া নহব’ও পাৰে।

৬) ল’ৰা বা ছোৱালীজনীয়ে ভাল পোৱা কামবোৰ বন্ধ কৰি দিব নালাগে। যেনে কোনোবাই যদি নাচি ভাল পাই, বা কোনোবাই যদি খেলি ভাই বা চিনেমা চাই ভাল পাই, পৰীক্ষা আহিল বুলি বন্ধ কৰি নিদি কম কৰি দিব লাগে। ইয়ে মন প্ৰফুল্লিত কৰি ৰাখিব। ভাল লগা কামবোৰ কৰি থাকিব পাৰিলে বেয়া নিচা বা হতাশাই লগ নিদিয়ে বুলি বহুতে ক’ব খোজে।

৭) সুবিধা কৰিব পাৰিলে দিনটোত অলপমান সময় খালী ভৰিৰে মাটিত বা ঘাহনিত খোজ কাঢ়িব দিব লাগে।

৭) বিকল্প কেৰিয়াৰ পৰিকল্পনা এটা ৰাখিব লাগে। যদি মেডিকেলত ছিট নাপাও তেতিয়া কি পঢ়িম ইত্যাদি।

অভিভাৱক হিচাপেটো ল’ৰা বা ছোৱালীজনীক অলপমান প্ৰেচাৰটো দিবই লাগিব বা গালিও পাৰিব লাগিব, নহ’লে আকৌ সিহ’তে বেছি ঢিলা কৰি দিব বা অন্য ঢৌত উটি যাব। কেৱল প্ৰেচাৰটো যাতে বেছি নহয় সেয়া নজৰ ৰাখিব লাগিব। মাকে যদি গালি পাৰিছে, তেতিয়া বাপেকে অলপ নৰ্মেল থাকিব লাগিব বা বাপেকে যদি অলপ বেছিকে প্ৰেচাৰ দিছে মাকে অলপ নৰ্মেল থাকিব লাগিব। পাইপত প্ৰেচাৰ নিদিলে পানী নোলাব, কিন্তু বেছি প্ৰেচাৰ দিলে পাইপ ফাটি যোৱা ভয়, সেয়ে বেলেন্স কৰি চলি থাকিব লাগিব।

         আমি যেতিয়া ছাত্ৰ-ছাত্ৰীৰ লগত ইমোশ্যোনেল কাউন্সেলিং (Emotional Counselling) কৰো, তেতিয়া ভাৱিব নোৱাৰা কিছুমান সিহতৰ সমস্যাৰ কথা গম পাওঁ। সমস্যাৰ সমাধান সিহঁতৰ হাততে থাকে, কেৱল মনোযোগ দি ধৈৰ্য্য সহকাৰে সিহতঁৰ কথা Judgmental নোহোৱকৈ শুনিব লাগে। আমি নিবিচাৰো কোনো মেধাবী ছাত্ৰই আকৌ আত্মহত্যাৰ পথ বাচি লওক। জীৱন থাকিলেহে জীৱিকাৰ গুৰুত্ব আছে।

Related Posts

যিয়ে জীৱনত কামৰ Priority দিব জানে, তেওঁলোকে  সহজে সফলতা লাভ কৰে

সিদিনাখন এটা ইংৰাজী প্ৰৱন্ধ পঢ়িছিলো, য’ত লিখকে লিখিছে যিয়ে জীৱনত কামৰ Priority বা ক’ত অগ্ৰাধিকাৰ দিব লাগিব সেয়া জানে, তেওঁলোকে  সহজে সফলতা লাভ কৰে। বহু সময়ত কঠোৰ…

মৃত্যুক যদি ওচৰৰ পৰা দেখা নাই, তেতিয়াহ’লে জীৱনৰ মজা পোৱা নাই

প্ৰায় ১৭ দিন উত্তৰাখণ্ডৰ পাহাৰৰ গৰ্ভত সোমাই চিল্কায়াৰা টানেলত আৱদ্ধ হৈ থাকি জীৱন-মৃত্যুৰ সতে যুজি যেতিয়া ৪১ গৰাকী লোক যোৱাকালি হাঁহিমুখে ওলাই আহি মুকলি আকাশ দেখা পাইছিল-…

চাকৰিৰ অভাৱ নাই, চাকৰি কৰা মানুহহে নাই

কেইবছৰমান আগতে এয়াৰ ফোৰ্চৰ ‘ফ্লায়িং অ’ফিছাৰ’ পোষ্টত ইণ্টাৰভিউ দিব গৈছিলো, শেষৰ ৰাউণ্ডলৈ আমি ১০ জন মান আছিলো আৰু প’ষ্ট আছিল ১৫ টা মান, শেষত আমি এজনো চিলেক্ট…

আপুনি জানেনে আপোনাৰ ব্যক্তিত্ব (Personality Trait) কি

আপুনি জানেনে আপোনাৰ বা আপোনাৰ ল’ৰা বা ছোৱালীজনীৰ ব্যক্তিত্ব (Personality Trait) কি ধৰণৰ অথবা সিহতৰ শক্তি (strength) আৰু দুৰ্বলতাবোৰ (weakness) কি! সাধাৰণভাৱে মানুহৰ ব্যক্তিত্বক চাৰিটা ভাগত ভগাইছে…

দামী কোচিং চেণ্টাৰতকৈ দামী সপোন বেছি দৰকাৰী

There is no short cut way to success. মেডিকেল প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ সকলোকে মোৰ হিয়াভৰা ওলগ। যিয়ে ভালদৰে দৃঢ়মনা হৈ পঢ়িছে, সকালোৱে সফল হৈছে। ইচ্ছা থাকিলেই নহ’ব,…

পৰিৱেশ ভাল হ’লে ল’ৰা-ছোৱালীবোৰে আকাশ চুব

দুদিন মান আগতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে, কিছুমানে ভাল ৰিজাল্ট কৰিলে আৰু কিছুমানে ভাল ৰিজাল্ট কৰিব নোৱাৰিলে। দুদিন পিছত আকৌ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিব আৰু গতানুগতিকভাৱেই…