আপুনি কাৰোবাক ‘না’ বুলি কবলৈ টান পাই নেকি

আপুনি কাৰোবাক ‘না’ বুলি কবলৈ টান পাই নেকি? ‘না’ মানে- নোৱাৰিম, নাই, নহ’ব, নালাগে ইত্যাদি। কোনোবাই ধাৰলৈ বুলি পইচা বিচাৰিলে, নিজৰে নাথাকিলেও অথবা দিবলৈও ইচ্ছা নাথাকিলেও কিন্তু ‘না’ ক’ব নোৱাৰা বাবে পইচাটো ধাৰলৈ দিলে। চিনাকি LIC এজেণ্ট গৰাকীয়ে ইমান জোৰকৈ ধৰিছেযে না ক’ব নোৱাৰি প্ৰয়োজন নাথাকিলেও LIC ৰ এখন নতুন প’লিচি খুলিলে। অ’ফিছৰ কামত আপুনি ভাল আৰু সেয়ে বছে আপোনাকে নতুনকৈ কাম বা দায়িত্ব দিছে আৰু আপুনিও না ক’ব নোৱাৰি মনটো অশান্তি কৰি হ’লেও কৰি গৈছে। মেডিকেল পঢ়িব আপোনাৰ ইচ্ছা নাছিল, কিন্তু মা-দেউতাৰ ইচ্ছাক ‘না’ ক’ব নোৱাৰিলে, ইত্যাদি ইত্যাদি। আনকি ৰাস্তাই-ঘাটে কেতিয়াবা ভিক্ষাৰী আহি দুখ ভৰা কাহিনী শুনালে ন’ ক’ব নোৱাৰি যি আছে তাকে দি দিওঁ। মোৰ নিজৰ এনেকুৱা বহুত হয়। আপোনালোকৰো চাগে এনেকুৱা হয় কেতিয়াবা।

         আনক ‘না’ ক’ব নোৱাৰি, পিছত নিজৰ ওপৰতে খং কৰি বহি থাকো। কিয় বাৰু আমি আনক না ক’ব নোৱাৰো, কেতিয়াবা ভাৱি চাইছেনে আপুনি! আমি না ক’ব নোৱাৰো, কাৰণ আমি ভাৱো ‘না’ ক’লে মানুহজনে বেয়া পাব আৰু সেই কথাটো ভাৱি থাকি আমি পিছৰ সময়খিনিত নিজকে দোষী দোষী লাগি থাকিব। আপুনি জানেনে আনক ‘না’ ক’ব নোৱাৰি আপুনি নিজক ‘না’ কৈছে আৰু ই বহুত ক্ষতিকাৰক। আমি সদায় আনৰ দৃষ্টিত ভাল হৈ থাকিব বিচাৰো বা আনে ভাল পাই থকাটো বিচাৰো, কিন্তু ‘না’ নোকোৱা মানুহবোৰোক সকলোৱে সদায় ভাল পায় নেকি? উত্তৰ- নহয়।

আপুনি যদি নিজ ইচ্ছামতে কাম কৰিছে বা কাৰোবাক ধাৰ দিছে অথবা LIC ৰ পলিচি খুলিছে, তেন্তে ক’বলৈ একো নাই, কিন্তু যদি নিজৰ ইচ্ছাৰ বিপৰীতে গৈ ‘হা’ কৈছে, তেতিয়া আপুনি নিজেই নিজৰ ক্ষতি কৰিছে।

         ন’ কোৱাৰ ক’লা (Art of saying No) আমি শিকিব লাগিব বা কেনেদৰে ‘না’ ক’ব পাৰি। যিমানদূৰ সম্ভৱ চিধা (Direct) উত্তৰ দিব পাৰিলে ভাল। যেনে আপোনাৰ হাতত পইচা নাই ধাৰলৈ দিবলৈ, কৈ দিয়ক, বিশাস কৰে নকৰে তেওঁৰ কথা অথবা ‘বেয়া নাপাব মই ধাৰলৈ দিব নোৱাৰিম’। ঠিক তেনেদৰে LIC ৰ এজেণ্টজনে বা অন্য কোনোবা চেলশ্যমেনে বেছি জোৰ কৰি থাকিলে, এজেণ্টগৰাকীক ‘ভাৱি আছো ৰ’ বা ‘দুদিনমান সময় দিয়া’ এনেকুৱা উত্তৰ দিব নালাগে। আপুনি চিধাই কৈ দিয়ক ‘মোৰ এতিয়া প্ৰয়োজন নাই, যেতিয়া প্ৰয়োজন হ’ব মই নিজেই আপোনাক যোগাযোগ কৰিম’। এনেকুৱা কৰিলে আপোনাৰ দোষী ভাৱ বেছি নাথাকিব আৰু পিছলৈ নোহোৱা হৈ যাব। বিকল্প ব্যৱস্থা এটা দেখুৱাই দিয়ক পাৰিলে। ধৰি লওঁক আপোনাক বছে অতিৰিক্ত কাম দি আছে, আপুনি তেওঁক এটা বিকল্প সমাধান দেখুৱাই দিয়ক আৰু আপোনাৰ হাতত ইতিমধ্যে থকা কামখিনিৰ গুৰুত্বৰ (Priority) কথা কওক। সদায় দেখি থকা ভিক্ষাৰীজনক সোধকছোন আপোনাৰ ঘৰত কাম কৰিব নেকি অথবা শাৰিৰীকভাৱে অক্ষম মগনীয়াজনক সোধকছোন, চৰকাৰী সুবিধা পাইছেনে? আপোনাৰ পৰা বেছিভাগ ভিক্ষাৰী নিজেই আতৰি যাব। নোৱাৰো, নিদিওঁ, নহ’ব আদি শব্দ ব্যৱহাৰ নকৰাকৈয়ে আপুনি কাৰোবাক ‘না’ বুলি ক’ব পাৰে। নিজক দুখী কৰি আনক সুখী কৰি ৰখাৰ ঠিকা আপুনি লৈ থোৱা নাই। অধিক সময় আমি না’ কবলৈ টান পাওঁ মানুহজনে বেয়া পাব বুলি কিন্তু মানুহজনে আপোনাক ভাল পাই থাকি কি কৰিছে! নিজৰ কথা ভাৱক, আনক নিশ্চয়কৈ সহায় কৰক কিন্তু ইচ্ছাৰ বিপৰীতে গৈ নহয়।   

Related Posts

প্ৰতিযোগিতাৰ পৃথিৱীত নম্বৰ আৰু জ্ঞান দুইটাই গুৰুত্বপূৰ্ণ

পৰীক্ষাত ল’ৰা বা ছোৱালী এগৰাকীয়ে ১০০ ৰ ভিতৰত ১০০ নম্বৰ পোৱা মানে আমি কি বুজো! মই যিমান দূৰ বুজি পাওঁ- ১০০ ৰ ভিতৰত যদি ১০০ নম্বৰ পাইছে…

যিয়ে জীৱনত কামৰ Priority দিব জানে, তেওঁলোকে  সহজে সফলতা লাভ কৰে

সিদিনাখন এটা ইংৰাজী প্ৰৱন্ধ পঢ়িছিলো, য’ত লিখকে লিখিছে যিয়ে জীৱনত কামৰ Priority বা ক’ত অগ্ৰাধিকাৰ দিব লাগিব সেয়া জানে, তেওঁলোকে  সহজে সফলতা লাভ কৰে। বহু সময়ত কঠোৰ…

ছাত্ৰ-ছাত্ৰীয়ে কিয় কৰে আত্মহত্যা- ৰোধ কেনেকৈ কৰিম

কিছুদিন আগতে ময়ুৰ কৃষ্ণ গোস্বামী নামৰ DPS গুৱাহাটীৰ ছাত্ৰজনে আত্মহত্যা কৰিলে। বাতৰি কাকত যদি নিয়মীয়াকৈ পঢ়ি আছে তেতিয়াহ’লে গম পাব, যোৱা এটা বছৰত ৰাজস্থানৰ কোটাত মেডিকেল-ইঞ্জিনীয়াৰিঙৰ কোচিং…

মৃত্যুক যদি ওচৰৰ পৰা দেখা নাই, তেতিয়াহ’লে জীৱনৰ মজা পোৱা নাই

প্ৰায় ১৭ দিন উত্তৰাখণ্ডৰ পাহাৰৰ গৰ্ভত সোমাই চিল্কায়াৰা টানেলত আৱদ্ধ হৈ থাকি জীৱন-মৃত্যুৰ সতে যুজি যেতিয়া ৪১ গৰাকী লোক যোৱাকালি হাঁহিমুখে ওলাই আহি মুকলি আকাশ দেখা পাইছিল-…

চাকৰিৰ অভাৱ নাই, চাকৰি কৰা মানুহহে নাই

কেইবছৰমান আগতে এয়াৰ ফোৰ্চৰ ‘ফ্লায়িং অ’ফিছাৰ’ পোষ্টত ইণ্টাৰভিউ দিব গৈছিলো, শেষৰ ৰাউণ্ডলৈ আমি ১০ জন মান আছিলো আৰু প’ষ্ট আছিল ১৫ টা মান, শেষত আমি এজনো চিলেক্ট…

আপুনি জানেনে আপোনাৰ ব্যক্তিত্ব (Personality Trait) কি

আপুনি জানেনে আপোনাৰ বা আপোনাৰ ল’ৰা বা ছোৱালীজনীৰ ব্যক্তিত্ব (Personality Trait) কি ধৰণৰ অথবা সিহতৰ শক্তি (strength) আৰু দুৰ্বলতাবোৰ (weakness) কি! সাধাৰণভাৱে মানুহৰ ব্যক্তিত্বক চাৰিটা ভাগত ভগাইছে…