পৰিৱেশ ভাল হ’লে ল’ৰা-ছোৱালীবোৰে আকাশ চুব

দুদিন মান আগতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে, কিছুমানে ভাল ৰিজাল্ট কৰিলে আৰু কিছুমানে ভাল ৰিজাল্ট কৰিব নোৱাৰিলে। দুদিন পিছত আকৌ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিব আৰু গতানুগতিকভাৱেই কিছুমানে ভাল ৰিজাল্ট কৰিব আৰু কিছুমানে বেয়া ৰিজাল্ট কৰিব।

         এতিয়া কথা হ’ল- কিছুমান ছাত্ৰ-ছাত্ৰীয়ে কিয় ভাল ৰিজাল্ট কৰে আৰু কিছুমান ল’ৰা ছোৱালীয়ে কিয় বেয়া ৰিজাল্ট কৰে বা কিছুমানে কিয় বেছি নম্বৰ লাভ কৰে বা কিছুমানে কিয় কম নম্বৰ পায়! একেই স্কুল, একেই শিক্ষক আৰু একেই পাঠ্যক্ৰম তথাপিওঁ কিয় ৰিজাল্টত হেৰেফেৰ। ল’ৰা বা ছোৱালীজনীয়ে পঢ়া-শুনা কম কৰিছিলে নেকি নে ল’ৰা বা ছোৱালীজনীৰ বুদ্ধিমত্তা কম! জন্মগতভাৱে সকলো শিশুৱে প্ৰায় সমপৰিমাণৰ বুদ্ধিমত্তা লৈ আহে, অৱশ্যে সামৰ্থতা (Strength) আৰু দুৰ্বলতা (Weakness) কিছু পৰিমাণে বেলেগ বেলেগ হয়। ল’ৰা বা ছোৱালীজনীক যদি একেজন শিক্ষকেই পঢ়াইছে বা একেই পাঠ্যক্ৰম অধ্যয়ন কৰিছে অথবা জন্মগত ভাৱেই একেই বুদ্ধিমত্তা লৈ আহিছে তেন্তে ৰিজাল্টৰ ক্ষেত্ৰত বা পিছলৈ কেৰিয়াৰত সফলতা অৰ্জনৰ ক্ষেত্ৰত ভিন্ন কিয় হয়!

         দুদিনমান আগতে শিক্ষা আৰু শিশুৰ উন্নয়নৰ ওপৰত কাম কৰি থকা ককাইদেউ এজনৰ লগত কথা পাতি থাকোতে তেখেতে অভিজ্ঞতাৰ পৰা দুটামান মন্তব্য দিলে, যুক্তিপূৰ্ণ যেন লাগিল বাবে তাৰেই আঁত ধৰি লিখিব লৈছোঁ। বিদ্যালয় বা মহাবিদ্যালয়ৰ পৰিৱেশ আৰু ঘৰৰ পৰিৱেশ এই দুটা কথা আমি বহু সময়ত আওঁকাণ কৰি চলোঁ। যিখন বিদ্যালয় বা মহাবিদ্যালয়ত ল’ৰা বা ছোৱালী গৰাকীয়ে পঢ়া-শুনা কৰে তাৰ পৰিৱেশে ল’ৰা-ছোৱালীৰ ৰিজাল্ট আৰু শেষলৈ কেৰিয়াৰ গঢ়াত এক গুৰুত্ব প্ৰদান কৰে। পৰিৱেশ বুলি কওঁতে মই শৈক্ষিক পৰিৱেশৰ কথা কৈছোঁ। মই কটন কলেজত পঢ়া নাছিলোঁ, কিন্তু এবছৰ তাত শিক্ষকতা কৰাৰ সুযোগ পাইছিলোঁ। কটন কলেজত চাকৰি কৰি থকা সময়ত দেখিবলৈ পাইছিলো ছাত্ৰ-ছাত্ৰীৰ সপোনবোৰ অসামৰিক সেৱা বা দিল্লীৰ বিশ্ববিদ্যালয় আদিত পঢ়া বা কলেজ-ইউনিভাৰ্ছিটিৰ প্ৰফেছাৰ হোৱা অৱশ্যে ছাত্ৰ-ছাত্ৰীৰ মাজত ভাৰতীয় প্ৰশাসনিক সেৱাৰ কথা আলোঁচনা হোৱা বিশেষ মনত নপৰে। যিসময়ত আমাৰ দৰে কিছুমানে মহাবিদ্যালয়ত পঢ়ি থাকোতে ডিগ্ৰী শেষ কৰি বি,এড আৰু পুলিচ অথবা হাইস্কুলৰ শিক্ষকৰ চাকৰিৰ সপোঁনহে দেখিছিল। দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি থকা বহু ল’ৰা-ছোৱালীয়ে সেই সময়ত UPSC বা বিদেশত শিক্ষাগ্ৰহণৰ সপোন দেখিছিল। অসমৰ PWD বা PHE ডিপাৰ্টমেণ্টতত বহু ইঞ্জিনীয়াৰে চাকৰি কৰে কিন্তু IIT ৰ পৰা পঢ়ি অহা ল’ৰা বা ছোৱালী দেখিবলৈ পোৱা নাযায়। IIT ৰ পৰিৱেশে হয়তো AEC বা JEC তকৈ অলপ বেলেগ।

         সকলোতকৈ গুৰুত্বপূৰ্ণ হ’ল ঘৰৰ পৰিৱেশ। মাক-দেউতাকক সামৰি পৰিয়ালৰ আন মানুহবোৰে কি পৰিৱেশ এটা ল’ৰা বা ছোৱালীজনীৰ দিব পাৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰিব ল’ৰা-ছোৱালীজনীৰ ভৱিষ্যত। যিমান দামী বা নামজ্বলা স্কুলতেই এডমিশ্যন নিদিওক কিয়, মাক-বাপেকে যদি এটা ঘৰত ভাল পৰিৱেশ দিব নোৱাৰে, ৰিজাল্ট আৰু পৰিৱৰ্তী সময়ত কেৰিয়াৰ সম্পৰ্কীয় কথাবোৰত খেলিমেলি লাগিব ধৰে। এইক্ষেত্ৰত মাকজনৰ দায়িত্ব গধূৰ, টিউশ্যন মাস্তৰৰ ওপৰত নিৰ্ভৰ কৰি এৰি দিলে নহ’ব, মাকজনীয়েও ল’ৰা বা ছোৱালীজনীৰ লগত বহিব লাগিব। ঠিক তেনেদৰে বাপেকেও মদ খাই যদি ঘৰত অশান্তি কৰি থাকে অথবা ঘৰত কাজিয়া কৰি থাকে ল’ৰা-ছোৱালীৰ শিক্ষাত ই গভীৰ প্ৰভাৱ পেলাই। কিছুমান বস্তু প্ৰাকৃতিক, যিমানেই সমতাৰ কথা নকওক কিয়- মাকেই ল’ৰা-ছোৱালীৰ দায়িত্ব বেছিকে ল’ব লাগিব ঘৰখনত। যিসকল মাকে চাকৰি কৰে তেওঁলোকে যিমানদূৰ সম্ভৱ ল’ৰা-ছোৱালীক সময় দিয়ক। মইতো বিচাৰো চৰকাৰে নিয়ম বনাই দিয়ক- স্কুলত পঢ়ি থকা ল’ৰা-ছোৱালীৰ মাকবোৰক চাকৰিৰ কৰ্তব্যৰ সময় দুপৰীয়া দুইমান বজালৈ কৰি দিয়ক যাতে ল’ৰা-ছোৱালীক অধিক সময় দিব পাৰে। মাক-বাপেক যিমানে প্ৰতিভাশালী নহওক কিয়, যদি ল’ৰা বা ছোৱালীজনী কাম কৰা ছোৱালীজনীৰ হাতত এৰি থৈ দিয়া যায়, তেন্তে সিহঁতৰ ওপৰত কাম কৰা মহিলাজনীৰহে স্বভাৱৰ প্ৰতিফলন ঘটিব।

         শেষত কৈছো, পৰিয়ালৰ আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ লগতে সমাজখনৰো এটা দায়িত্ব আছে সকলোকে এটা সুষ্ঠ পৰিৱেশ দিয়াৰ। এয়া তথ্য-প্ৰযুক্তি আৰু প্ৰতিযোগিতাৰ যুগ সেয়ে প্ৰত্যেক শিক্ষানুষ্ঠানেই ইচ্ছা কৰিলেই সেই পৰিৱেশ গঢ় দি তুলিব পাৰে য’ত সকলোৱে সপোন দেখিব পাৰে আৰু মাক-দেউতাকে নিজৰ ল’ৰা-ছোৱালীক এক সুষ্ঠ আৰু যোগাত্মক পৰিৱেশ দিব লাগে। সকলোৱে এদিন আকাশ চুব।

Related Posts

প্ৰতিযোগিতাৰ পৃথিৱীত নম্বৰ আৰু জ্ঞান দুইটাই গুৰুত্বপূৰ্ণ

পৰীক্ষাত ল’ৰা বা ছোৱালী এগৰাকীয়ে ১০০ ৰ ভিতৰত ১০০ নম্বৰ পোৱা মানে আমি কি বুজো! মই যিমান দূৰ বুজি পাওঁ- ১০০ ৰ ভিতৰত যদি ১০০ নম্বৰ পাইছে…

যিয়ে জীৱনত কামৰ Priority দিব জানে, তেওঁলোকে  সহজে সফলতা লাভ কৰে

সিদিনাখন এটা ইংৰাজী প্ৰৱন্ধ পঢ়িছিলো, য’ত লিখকে লিখিছে যিয়ে জীৱনত কামৰ Priority বা ক’ত অগ্ৰাধিকাৰ দিব লাগিব সেয়া জানে, তেওঁলোকে  সহজে সফলতা লাভ কৰে। বহু সময়ত কঠোৰ…

ছাত্ৰ-ছাত্ৰীয়ে কিয় কৰে আত্মহত্যা- ৰোধ কেনেকৈ কৰিম

কিছুদিন আগতে ময়ুৰ কৃষ্ণ গোস্বামী নামৰ DPS গুৱাহাটীৰ ছাত্ৰজনে আত্মহত্যা কৰিলে। বাতৰি কাকত যদি নিয়মীয়াকৈ পঢ়ি আছে তেতিয়াহ’লে গম পাব, যোৱা এটা বছৰত ৰাজস্থানৰ কোটাত মেডিকেল-ইঞ্জিনীয়াৰিঙৰ কোচিং…

মৃত্যুক যদি ওচৰৰ পৰা দেখা নাই, তেতিয়াহ’লে জীৱনৰ মজা পোৱা নাই

প্ৰায় ১৭ দিন উত্তৰাখণ্ডৰ পাহাৰৰ গৰ্ভত সোমাই চিল্কায়াৰা টানেলত আৱদ্ধ হৈ থাকি জীৱন-মৃত্যুৰ সতে যুজি যেতিয়া ৪১ গৰাকী লোক যোৱাকালি হাঁহিমুখে ওলাই আহি মুকলি আকাশ দেখা পাইছিল-…

চাকৰিৰ অভাৱ নাই, চাকৰি কৰা মানুহহে নাই

কেইবছৰমান আগতে এয়াৰ ফোৰ্চৰ ‘ফ্লায়িং অ’ফিছাৰ’ পোষ্টত ইণ্টাৰভিউ দিব গৈছিলো, শেষৰ ৰাউণ্ডলৈ আমি ১০ জন মান আছিলো আৰু প’ষ্ট আছিল ১৫ টা মান, শেষত আমি এজনো চিলেক্ট…

আপুনি জানেনে আপোনাৰ ব্যক্তিত্ব (Personality Trait) কি

আপুনি জানেনে আপোনাৰ বা আপোনাৰ ল’ৰা বা ছোৱালীজনীৰ ব্যক্তিত্ব (Personality Trait) কি ধৰণৰ অথবা সিহতৰ শক্তি (strength) আৰু দুৰ্বলতাবোৰ (weakness) কি! সাধাৰণভাৱে মানুহৰ ব্যক্তিত্বক চাৰিটা ভাগত ভগাইছে…