দুবছৰমান আগতে উজনিৰ ককাইদেউ এজনৰ লগত কথা পাতি থাকোতে তেওঁ কথা প্ৰসংগত ক’লে- ‘মই যেতিয়া অ’ফিছৰ কামৰ চাপত ক্লান্ত হৈ পৰো বা চিন্তাত থাকো মই ঘৰত আহি বিহুগীত লগাই বিহু নাচো, কেতিয়াবা মই অকলে আৰু কেতিয়াবা পত্নীৰ লগত, মোৰ টেনশ্যন কম হৈ যায়।‘ মই নিজেও দুবাৰমান এইটো চেষ্টা কৰি চাইছিলো আৰু ভাল ফল পাইছিলো। ঠিক তেনেদৰে এবাৰ এগৰাকী বান্ধৱীয়ে মোক কৈছিল, তাই হেনো শৰীৰৰ ওজন কমাবলৈ সদায় আধা ঘণ্টামান সময় বিহু নাচে। কথাখিনি চাগে অলপ অগতানুগতিক যেন লাগিছে বা আমাৰ অলপ আখেজা আখেজা লাগিছে। যদি আমি ওপৰৰ কথাদুটা গভীৰভাৱে ভাৱি চাওঁ আমি হয়তো বহু কথাৰ উত্তৰ পাই যাম। মই ইয়াৰ বিজ্ঞানসন্মত বাখ্যা আগবঢ়াব নোৱাৰিম, কিন্তু মোৰ বিশ্বাস যিসকলে লোকনৃত্য বা শৰীৰচৰ্চা আদি বিষয়ৰ ওপৰত কাম কৰি আছে, তেওঁলোকে অগতানুগতিক দৃষ্টিভংগীৰে অধ্যয়ন কৰিলে কিছু হয়তো নতুন সম্ভাৱনীয়তাৰ দুৱাৰ খোল খাব।
আপোনালোকে ‘জুম্বা’ৰ (Zumba) কথা নিশ্চয়কৈ শুনিছে, চহৰত আজিকালি শৰীৰ চৰ্চা কৰিবলৈ ‘জুম্বা’ত জইন কৰে। ‘জুম্বা’ত গানৰ তালে তালে নাচি নাচি শৰীৰৰ ঘাম উলিয়াই দিয়ে আৰু কষ্ট অনুভৱ নোহোৱাকৈ শৰীৰ তথা মন সূন্দৰ হৈ থাকে। জুম্বাত লেটিন আৰু পাশ্চাত্য সংগীত সাধাৰণতে বজোৱা হয়। যদি ‘জুম্বা’ক আমি প্ৰেৰণা হিচাপে লওঁ তেন্তে মোৰ বান্ধৱীজনীয়ে কোৱাৰ দৰে আপুনিও বিহু নাচি শৰীৰ চৰ্চা কৰিব পাৰে। এদিন হয়তো জিমত নোযোৱাকৈ বা ৰাতিপুৱা খোজ কাঢ়িব নোযোৱাকৈয়ে ঘৰতে বিহু নাচি আপুনি শৰীৰৰ ওজন কমাই বেমাৰৰ পৰা দূৰত থাকিব পাৰে। নতুন প্ৰজন্মৰ বিহুৱা-বিহুৱতীসকলে যদি অলপ পৰিকল্পিতভাৱে এইটো বিষয়ত আগবাঢ়িব পাৰে তেতিয়া আনক বিহু নচুৱাই উপাৰ্জনৰ বাট মুকলি কৰিব পাৰে যিদৰে জুম্বা শিকাই উপাৰ্জন কৰে।
কল্পনা কৰকছোন তেনে এটা দিন- আপুনি দিল্লী অথবা লণ্ডন চহৰত ফুৰিব গৈ দেখিছে, ৰাতিপুৱা কোনোবা পাৰ্কত অথবা সন্ধিয়া কোনোবা ফিটনেছ ক্লাৱত স্থানীয় মানুহবোৰে বিহু নাচি আছে আৰু ট্ৰেইনাৰজন আমাৰ অসমৰ কোনোবা এগৰাকী যুৱক বা যুৱতী।
বি:দ্ৰ: কোনোবা যদি আগ্ৰহী ব্যক্তি থাকে বিষয়টো বিবেচনা কৰিব পাৰে, মই মোৰ পৰা পাৰ্যমানে সহায়ৰ হাত আগবঢ়াম।