মনে বিচৰা বস্তুটো আপুনি কেনেকৈ পাব পাৰে!

মনে বিচৰা বস্তুটো আপুনি কেনেকৈ পাব পাৰে! আপোনাৰ প্ৰাৰ্থনা ঈশ্বৰে কেতিয়া শুনিব!

আমি যেতিয়া প্ৰাৰ্থনা কৰো কিমান আন্তৰিকতা আৰু আত্মবিশ্বাসেৰে কৰো তাৰ ওপৰতেই নিৰ্ভৰ কৰে আমাৰ প্ৰাৰ্থনা কিমান সফল হ’ব। আমাৰ বেছিভাগ প্ৰাৰ্থনা বা মনৰ ইচ্ছা অপূৰ্ণ হৈ ৰয় কাৰণ আমি সম্পূৰ্ণ মন আৰু বিবেকেৰে সেই প্ৰাৰ্থনা নকৰো। আমাৰ মনৰ ইচ্ছাবোৰ আছলতে এক ধৰণৰ প্ৰাৰ্থনাহে। সম্পূৰ্ণ বিশ্বাস  আৰু আন্তৰিকতাৰে যদি যদি আমি প্ৰাৰ্থনা কৰো তেন্তে আমাৰ মনৰ ইচ্ছাবোৰে পূৰ্ণতা পাই। আমি জানোযে আমাৰ মন-মগজুৰ দুটা ভাগ থাকে চেতন মন (Conscious mind) আৰু অৱচেতন মন (unconscious mind)। আমি যদি আমাৰ অৱচেতন মনটোক সক্ৰিয় কৰি জগাই তুলিব পাৰো, আপুনি ভাৱিব নোৱাৰাকৈ আপোনাৰ জীৱনত মেজিকৰ দৰে পৰিৱৰ্তন আহিব পাৰে। আমিযে কওঁ নিজৰ মনৰ কথা শুনা বুলি, আচলতে আমি এই অৱচেতন মনৰ কাথটোকে কওঁ।

         আমাৰ সকলোৰে ভিতৰত প্ৰচুৰ শক্তি আৰু সামৰ্থ থাকে, কেৱল ইয়াক ব্যৱহাৰ কৰিব জানিব লাগিব। আমি যেতিয়া নিজেই বিশ্বাস কৰি ল’মযে মই পৃথিৱীৰ সকলোতকৈ সফল ব্যক্তিজন হ’ম, তেতিয়া অৱচেতন মনে লাহে লাহে আমাৰ বাবে সফলতাৰ দুৱাৰ খন মুকলি কৰিবলৈ আৰম্ভ কৰিব আৰু যেতিয়া নিজেই বিশ্বাস কৰি ল’বযে মই কেতিয়াও সফল হ’ব নোৱাৰিম, অৱচেতন মনে তেনেকৈয়ে ক্ৰিয়া কৰিব আৰু আপোনাক প্ৰতিনিয়ত সফল হ’ব নোৱাৰিব বুলি সোঁৱৰাই দিব।

 এই অৱচেতন মনটোৱেই আমাৰ অজানিতে আমাৰ শ্বাস-প্ৰশ্বাস, শৰীৰত তেজৰ চলাচল আদি নিয়ন্ত্ৰন কৰি থাকে। অৱচেতন মনে যদি আমাৰ শৰীৰটো চলাই ৰাখিব পাৰে তেন্তে ই আমাৰ ইচ্ছাকো এক সুনিৰ্দিষ্ট লক্ষ্যস্থানত উপনীত কৰাব পাৰে। কিছুমান মানুহযে সফল হয় আৰু কিছুমান বিফল। কিছুমান ল’ৰা-ছোৱালীয়েযে বহুত পঢ়া-শুনা কৰিও সফল নহয় আৰু কিছুমানে অলপ পঢ়া-শুনা কৰিয়েই সফল হয় ইয়াৰ মূলত অৱচেতন মন। যিসকল ল’ৰা-ছোৱালীয়ে চেতন মনৰ লগতে অৱচেতন মনৰ ব্যৱহাৰ কৰে তেওঁলোক সহজে সফল হয়। চেতন মনত মগজুৰ কেৱল ১০% শক্তিহে (power) থাকে আৰু অৱচেতন মনত ৯০% শক্তি (power) থাকে।

এতিয়া প্ৰশ্ন হ’ল আমি কেনেকৈ আমাৰ অৱচেতন মনটোক জগাই তুলিম। প্ৰথমেই আপুনি আপোনাৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি লওঁক, সেয়া হয়তো পৃথিৱীৰ সকলোতকৈ ধনী মানুহজন হোৱাৰ লক্ষ্য অথবা মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী হোৱাৰ লক্ষ্যও হ’ব পাৰে। আপোনাৰ লক্ষ্য এজন ভাল চিকিৎসক অথবা নাট্যকাৰ হোৱাৰো হ’ব পাৰে। লক্ষ্য বা ইচ্ছা স্থিৰ কৰি আপুনি অৱচেতন মনলৈ পঠিয়াই দিব লাগিব। অৱচেতন মনে আমাৰ শৰীৰ আৰু মনটোক নিয়ন্ত্ৰন কৰি ৰাখে। যেতিয়া আমি আমাৰ প্ৰাৰ্থনাত আন্তৰিকতাৰে আমাৰ লক্ষ্য বা ইচ্ছাৰ কথা ব্যক্ত কৰিম, লাহে লাহে এই প্ৰাৰ্থনাবোৰ অৱচেতন মনত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিব আৰু অৱচেতন মনে ইয়াৰ বাবে ৰাস্তা বিচাৰিব আৰম্ভ কৰিব। 

মহম্মদ আলী নামৰ আমেৰিকাৰ বিখ্যাত বক্সাৰ গৰাকীয়ে যেতিয়াই বক্সিং ৰিঙত অনুশীলন কৰিবলৈ গৈছিল তেতিয়া প্ৰত্যেকটো ঘোচা মাৰি নিজে নিজেই কৈছিল ‘মইয়েই শ্ৰেষ্ঠ (I am the Best)’। এনেকুৱা উদাহৰণ বহুত আছে, আমি যিটো লক্ষ্য স্থিৰ কৰি লওঁ সেইটো আমাৰ মন-মগজুত বহি যাব লাগিব, ছাত্ৰ-ছাত্ৰী সকলে কেৰিয়াৰ পৰিকল্পনা কৰিলে পঢ়া টেবলৰ সন্মুখত যি হ’ব বিচাৰে তাৰ ছবি এখন বা তাৰ বিষয়ে লিখি থব পাৰে। ঠিক তেনেদৰে আপোনাৰ যদি কিবা অসুখ হৈছে আৰু আপোনাৰ মনৰ জোৰ আছে তেন্তে ঔষধে সোনকালেই কাম দিব আৰু যদি মনটো দুৰ্বল কৰি থাকে ঔষধেও কাম লাহে লাহে কৰিব।

আমি ৰাতি যেতিয়া বিচনাত শুবলৈ যাও, তাৰ প্ৰায় ৫-৬ মিনিট আগৰ পৰা আমাৰ অৱচেতন মনটো অধিক সক্ৰিয় হৈ থাকে আৰু সেইবাবে এইখিনি সময় দিনটোৰ বাবে অধিক মহত্বপূৰ্ণ বুলি কোৱা হয়। সেই সময়খিনিত আপুনি চকু দুটা মুডি লাহে লাহে আপোনাৰ ইচ্ছাৰ কথাবোৰ মনলৈ আনক আৰু সেই কথাখিনি ভাৱি ভাৱিয়েই টোপনি যাওঁক। ৰাতি যিটো কথা আপুনি বাৰে বাৰে শুনিলে সেই কথাটো পিছদিনা আপোনাৰ মন মগজুত খেলি থাকিব আৰু লাহে লাহে ই আপোনাৰ প্ৰাৰ্থনাত স্থান পাব তথা বিশ্বাসলৈ ৰূপান্তৰ হ’ব। অৱচেতন মনে যুক্তিতকৈ আৱেগ বা মনৰ কথা অধিক শুনে, সেয়ে অৱচেতন মনে ভুল-শুদ্ধ বিবেচনা কৰিব নোৱাৰে, আপুনি যি ক’ব সেয়াই কৰিব। অৱচেতন মনৰ শক্তি ইমান বেছিযে আপুনি আত্মবিশ্বাসেৰে যিটো বিচাৰিব, সেয়া অসম্ভৱ যেন লাগিলেও সম্ভৱ কৰি তুলিব, যিদৰে লোহাক চুম্বকীকৰণ কৰিলে অধিক শক্তিশালী হৈ উঠে।

(Reference: The Power of Your Subconscious Mind by Dr. Joseph Murphy)

Related Posts

প্ৰতিযোগিতাৰ পৃথিৱীত নম্বৰ আৰু জ্ঞান দুইটাই গুৰুত্বপূৰ্ণ

পৰীক্ষাত ল’ৰা বা ছোৱালী এগৰাকীয়ে ১০০ ৰ ভিতৰত ১০০ নম্বৰ পোৱা মানে আমি কি বুজো! মই যিমান দূৰ বুজি পাওঁ- ১০০ ৰ ভিতৰত যদি ১০০ নম্বৰ পাইছে…

যিয়ে জীৱনত কামৰ Priority দিব জানে, তেওঁলোকে  সহজে সফলতা লাভ কৰে

সিদিনাখন এটা ইংৰাজী প্ৰৱন্ধ পঢ়িছিলো, য’ত লিখকে লিখিছে যিয়ে জীৱনত কামৰ Priority বা ক’ত অগ্ৰাধিকাৰ দিব লাগিব সেয়া জানে, তেওঁলোকে  সহজে সফলতা লাভ কৰে। বহু সময়ত কঠোৰ…

ছাত্ৰ-ছাত্ৰীয়ে কিয় কৰে আত্মহত্যা- ৰোধ কেনেকৈ কৰিম

কিছুদিন আগতে ময়ুৰ কৃষ্ণ গোস্বামী নামৰ DPS গুৱাহাটীৰ ছাত্ৰজনে আত্মহত্যা কৰিলে। বাতৰি কাকত যদি নিয়মীয়াকৈ পঢ়ি আছে তেতিয়াহ’লে গম পাব, যোৱা এটা বছৰত ৰাজস্থানৰ কোটাত মেডিকেল-ইঞ্জিনীয়াৰিঙৰ কোচিং…

মৃত্যুক যদি ওচৰৰ পৰা দেখা নাই, তেতিয়াহ’লে জীৱনৰ মজা পোৱা নাই

প্ৰায় ১৭ দিন উত্তৰাখণ্ডৰ পাহাৰৰ গৰ্ভত সোমাই চিল্কায়াৰা টানেলত আৱদ্ধ হৈ থাকি জীৱন-মৃত্যুৰ সতে যুজি যেতিয়া ৪১ গৰাকী লোক যোৱাকালি হাঁহিমুখে ওলাই আহি মুকলি আকাশ দেখা পাইছিল-…

চাকৰিৰ অভাৱ নাই, চাকৰি কৰা মানুহহে নাই

কেইবছৰমান আগতে এয়াৰ ফোৰ্চৰ ‘ফ্লায়িং অ’ফিছাৰ’ পোষ্টত ইণ্টাৰভিউ দিব গৈছিলো, শেষৰ ৰাউণ্ডলৈ আমি ১০ জন মান আছিলো আৰু প’ষ্ট আছিল ১৫ টা মান, শেষত আমি এজনো চিলেক্ট…

আপুনি জানেনে আপোনাৰ ব্যক্তিত্ব (Personality Trait) কি

আপুনি জানেনে আপোনাৰ বা আপোনাৰ ল’ৰা বা ছোৱালীজনীৰ ব্যক্তিত্ব (Personality Trait) কি ধৰণৰ অথবা সিহতৰ শক্তি (strength) আৰু দুৰ্বলতাবোৰ (weakness) কি! সাধাৰণভাৱে মানুহৰ ব্যক্তিত্বক চাৰিটা ভাগত ভগাইছে…