A Problem Shared is a Problem Halved

ইংৰাজীত এষাৰ কথা আছে, “A Problem Shared is a Problem Halved” বা সমস্যা যদি কাৰোবাৰ লগত আলোচনা কৰা হয় তেন্তে আধা সমস্যা সমাধান হৈ যায় । প্ৰত্যেক গৰাকী ব্যক্তিৰে জীৱনত সমস্যা থাকে, কাৰোবাৰ হয়তো গভীৰ কাৰোবাৰ হয়তো সাধাৰণ । দৰিদ্ৰ কৃষক জনৰ পৰা আৰম্ভ কৰি কৌটিপতি ব্যৱসায়ী জনলৈ, ঘৰৰ গৃহিনী জনীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়িকা গৰাকীলৈ । কাৰোবাৰ যদি আৰ্থিক সমস্যা, কাৰোবাৰ আকৌ পাৰিবাৰিক সমস্যা, কোনোবাৰ ঘৰখন বেমাৰে জুৰুলা কৰিছে, কাৰোবাৰ পুতেকে মদ খাই ঘৰত অশান্তি কৰিছে । কাৰোবাৰ অফিছৰ বছ ভাল নহয়, কাৰোবাৰ আকৌ চাকৰি ঘৰৰ কাষত নহয়, কোনোবা জন ধাৰত ডুব গৈছে, কোনোবা জনে আকৌ প্ৰেমত হাবু-ডুবু খাইছে ইত্যাদি ইত্যাদি । সমস্যা ভিন্ন, কিন্ত থকাত সকলোৰে আছে । আপোনাৰ যদি সমস্যা আছে, যদি কিবা কথাই আমনি কৰি আছে তেন্তে কাৰোবাৰ লগত আলোচনা কৰি লওক । তেওঁ হয়তো আপোনাৰ বন্ধু হ’ব পাৰে বা সম্পৰ্কীয় হ’ব পাৰে অথবা কোনোবা অচিনাকী লোক হ’ব পাৰে । আপুনি আশা নকৰিব, তেওঁ আপোনাক সমাধান দিব, কিন্তু আপুনি যেতিয়া মুক্তমনে কাৰোবাৰ লগত সমস্যাটো আলোচনা কৰিব তেতিয়া সমস্যাটোৰ আধা সমাধান হৈ যাব- সেয়া নিশ্চিত থাকক । কেতিয়াবা কিছুমান ব্যক্তিগত কথা চিনাকী মানুহক ক’ব নোৱাৰি, কিন্তু মানুহজন যদি দূৰ-দূৰলৈ কোনো সম্পৰ্কীয় নহয়, হয়তো ফেচবুক ফ্ৰেইণ্ড বা অন্য কোনোবা অল্প পৰিচিত ব্যক্তি তেন্তে হয়তো বহু কথাই দ্বিধাহীন ভাৱে কব পাৰি । কাৰ লগত আলোচনা কৰিছে সেয়া বিশেষ গুৰুত্বপূৰ্ণ নহয়, আলোচনাৰ পিছত সেয়া ভাৱিওঁ থাকিব নালাগে । পাশ্চাত্যৰ দেশ সমূহত বহুতে কাউন্সেলৰৰ কাষত যায়, য’ত মন খুলি কথা কব পাৰি আৰু কাউন্সেলৰ জনেওঁ মনোযোগ দি শুনে । সমস্যা আছে যদি সমাধানো আছে, জীৱন যাপন নহয়- উদযাপন কৰক ।

Related Posts

প্ৰতিযোগিতাৰ পৃথিৱীত নম্বৰ আৰু জ্ঞান দুইটাই গুৰুত্বপূৰ্ণ

পৰীক্ষাত ল’ৰা বা ছোৱালী এগৰাকীয়ে ১০০ ৰ ভিতৰত ১০০ নম্বৰ পোৱা মানে আমি কি বুজো! মই যিমান দূৰ বুজি পাওঁ- ১০০ ৰ ভিতৰত যদি ১০০ নম্বৰ পাইছে…

যিয়ে জীৱনত কামৰ Priority দিব জানে, তেওঁলোকে  সহজে সফলতা লাভ কৰে

সিদিনাখন এটা ইংৰাজী প্ৰৱন্ধ পঢ়িছিলো, য’ত লিখকে লিখিছে যিয়ে জীৱনত কামৰ Priority বা ক’ত অগ্ৰাধিকাৰ দিব লাগিব সেয়া জানে, তেওঁলোকে  সহজে সফলতা লাভ কৰে। বহু সময়ত কঠোৰ…

ছাত্ৰ-ছাত্ৰীয়ে কিয় কৰে আত্মহত্যা- ৰোধ কেনেকৈ কৰিম

কিছুদিন আগতে ময়ুৰ কৃষ্ণ গোস্বামী নামৰ DPS গুৱাহাটীৰ ছাত্ৰজনে আত্মহত্যা কৰিলে। বাতৰি কাকত যদি নিয়মীয়াকৈ পঢ়ি আছে তেতিয়াহ’লে গম পাব, যোৱা এটা বছৰত ৰাজস্থানৰ কোটাত মেডিকেল-ইঞ্জিনীয়াৰিঙৰ কোচিং…

মৃত্যুক যদি ওচৰৰ পৰা দেখা নাই, তেতিয়াহ’লে জীৱনৰ মজা পোৱা নাই

প্ৰায় ১৭ দিন উত্তৰাখণ্ডৰ পাহাৰৰ গৰ্ভত সোমাই চিল্কায়াৰা টানেলত আৱদ্ধ হৈ থাকি জীৱন-মৃত্যুৰ সতে যুজি যেতিয়া ৪১ গৰাকী লোক যোৱাকালি হাঁহিমুখে ওলাই আহি মুকলি আকাশ দেখা পাইছিল-…

চাকৰিৰ অভাৱ নাই, চাকৰি কৰা মানুহহে নাই

কেইবছৰমান আগতে এয়াৰ ফোৰ্চৰ ‘ফ্লায়িং অ’ফিছাৰ’ পোষ্টত ইণ্টাৰভিউ দিব গৈছিলো, শেষৰ ৰাউণ্ডলৈ আমি ১০ জন মান আছিলো আৰু প’ষ্ট আছিল ১৫ টা মান, শেষত আমি এজনো চিলেক্ট…

আপুনি জানেনে আপোনাৰ ব্যক্তিত্ব (Personality Trait) কি

আপুনি জানেনে আপোনাৰ বা আপোনাৰ ল’ৰা বা ছোৱালীজনীৰ ব্যক্তিত্ব (Personality Trait) কি ধৰণৰ অথবা সিহতৰ শক্তি (strength) আৰু দুৰ্বলতাবোৰ (weakness) কি! সাধাৰণভাৱে মানুহৰ ব্যক্তিত্বক চাৰিটা ভাগত ভগাইছে…

Leave a Reply

Your email address will not be published. Required fields are marked *